ডিব্ৰুগড়, 1 জুন : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জঁপিয়াই পৰি বিজেপি মুৰ্দাবাদ ধ্বনি দিয়া আছু নেতাৰ বিজেপিত যোগদান। দীৰ্ঘকাল ধৰি ডিব্ৰুগড় আছুৰ লগত জড়িত দিব্যজ্যোতি হাজৰিকা ওৰফে বিজু লখিমীয়ে অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে । সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ৰ জিলাৰ প্ৰাক্তন উপ-সভাপতি তথা বিত্ত সম্পাদক আৰু উপদেষ্টা দিব্যজ্যোতি হাজৰিকাই শেহতীয়া 'কা' বিৰোধী আন্দোলনত ডিব্ৰুগড়ৰ কাৰ্যসূচীত জাতি মাতিৰ শ্লোগান আওৰাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ।
কিন্তু একেজন জাতীয়তাবাদী নেতায়েই এতিয়া গেৰুৱা বসন পিন্ধি ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিজেপিৰ ডিব্ৰুগড়ৰ জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ,অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধক্ষ্য ড৹ হেমপ্ৰভা বৰঠাকুৰ,ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অসীম হাজৰিকা আদিৰ উপস্থিতিত দলটোৰ সদস্য পদ গ্ৰহণ কৰে আছু নেতাগৰাকীয়ে ।
ইফালে 'কা' আন্দোলনৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আছু নেতাৰ এনে পাভ লুটিত তীব্ৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে জিলাখনৰ সচেতন মহলৰ মাজত। ৰাইজৰ সৰব চৰ্চা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবেই আছু নেতা গৰাকীয়ে বিজেপিত যোগ দিছে ।
লগতে পঢ়ক : মৰিয়নীত সাংবাদিকক সহায়ৰ হাত বিজেপি কৰ্মীৰ