ETV Bharat / state

AASU controversy: প্ৰাক্তন সতীৰ্থ সন্মিলনত বাধা প্ৰদান কৰা আছু নেতাক আটক

author img

By

Published : Jun 4, 2023, 8:52 PM IST

আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনত বাধা প্ৰদান কৰিবলৈ গৈ আটক কেইবাজনো আছু নেতা । প্ৰাক্তন ছাত্ৰ নেতাক অসাধু বুলি মন্তব্য আছুৰ (AASU and Ex AASU controversy)।

AASU clash with police in Dibrugarh
প্ৰাক্তন ছাত্ৰ নেতাক অসাধু বুলি মন্তব্য আছুৰ

ডিব্ৰুগড়, ৪ জুন: সদৌ অসম ছাত্ৰ সন্থাত দীৰ্ঘকাল নেতৃত্বত থকা বহু কেইজন নেতাই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে অসম মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হৈছে । কিন্তু ইয়াৰে একাংশ প্ৰাক্তন ছাত্ৰ নেতাই জন্ম দিছে আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলন নামৰ এক অনুষ্ঠান (Tense situation in Duiliajan)।

বিগত কেইটামান বছৰৰ পৰা একাংশই প্ৰাক্তন আছুৰ এই অনুষ্ঠানটো সম্প্ৰসাৰিত কৰা বাবে ৰাজ্যজুৰি চেষ্টা চলাই আহিছে । কিন্তু আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনক লৈ ক্ষুব্ধ বৰ্তমানৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব (AASU clash with police in Dibrugarh) ।

দেওবাৰে দুলীয়াজান ক্লাৱত অনুষ্ঠিত হয় আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ মাণ্ডলীক কৰ্মী সভা । এই অনুষ্ঠানত বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই । দুলীয়াজান ক্লাৱত অনুষ্ঠিত প্ৰাক্তন আছু সতীৰ্থ সন্মিলনক বাধা প্ৰদান কৰিবলৈ যাওঁতে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি । প্ৰাক্তন সতীৰ্থ সন্মিলনত আছুৰ বাধা প্ৰদানৰ চেষ্টাত আৰক্ষীয়ে তীব্ৰ বাধা প্ৰদান কৰে (Police detained AASU members)। আৰক্ষীৰ সৈতে আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ তীব্ৰ সংঘাত হয় । আনকি আৰক্ষীৰ সৈতে আছু কৰ্মীসকলৰ হতাহতিৰ পৰিবেশৰ সৃষ্টি হয় ।

আৰক্ষী বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা হয় যদিও শেষত আৰক্ষীয়ে আটক কৰে আছুৰ শতাধিক কৰ্মীক । ডিব্ৰুগড় জিলাৰ সভাপতিৰ পৰা আৰম্ভ কৰি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াক আটক কৰে আৰক্ষীয়ে । একাংশ অসাধু প্ৰাক্তন ছাত্ৰ নেতাই এই সংগঠন আৰম্ভ কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ নেতৃত্বৰ ।

যি সকলে শ্বহীদক শ্ৰদ্ধা কৰিব নাজানে তেনে নেতাই এই সংগঠন খোলাৰ কোনো অধিকাৰ নাই বুলিও কয় আছুৰ নেতৃত্বই । উল্লেখযোগ্য যে, বৰ্তমান আছু আৰু প্ৰাক্তন আছুৰ সংঘাতে পুনৰ মূৰ দাঙি উঠিছে । ডিব্ৰুগড়ত কেইমাহ মান পুৰ্বেও এই পৰিবেশ দেখিবলৈ পোৱা গৈছিল । ডিব্ৰুগড়ৰ সদৰত একাংশ প্ৰাক্তন আছু সদস্যই সন্মিলন অনুষ্ঠিত কৰিবলৈ চেষ্টা চলোৱাত সংঘাত সৃষ্টি হৈছিল । আজি সেই একেই পৰিবেশ দেখিবলৈ পোৱা গৈছে দুলীয়াজানত ।

লগতে পঢ়ক:Odisha Train accident: সামাজিক মাধ্যমত বালাছোৰ ৰে’ল দুৰ্ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাসকলক সকীয়নি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.