ETV Bharat / state

আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক সুবোধ বিশ্বাসৰে তুলনা শংকৰজ্যোতি বৰুৱাৰ

author img

By

Published : Dec 26, 2021, 8:48 PM IST

ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সংবাদমেল ৷ ২৪ ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ কাৰ্যসূচীৰ মাজতে এই সংবাদমেল যোগে আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শংকৰজ্যোতি বৰুৱাই(Sankorjyoti Baruah against SP Shwetang Mishra) ।

aasu-gs-sankorjyoti-baruah-against-sp-shwetang-mishra
আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক সুবোধ বিশ্বাসৰে তুলনা শংকৰজ্যোতি বৰুৱাৰ

মৰাণ, 26 ডিচেম্বৰ : ২৪ ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ কাৰ্যসূচীৰ মাজতে ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক সংবাদ মেলত অংশ লয় (Sankorjyoti Baruah press meet in Dibrugarh) । ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে ৫ জন আছু সদস্যক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । ইয়াৰ পিছতে, এলানি কাৰ্যসূচী ঘোষণা কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই । আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শংকৰজ্যোতি বৰুৱাই(Sankorjyoti Baruah against SP Shwetang Mishra) ।

তেওঁ জানিবলৈ দিয়ে যে, ২৯ ডিচেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । ইফালে, ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ পৰা জাননী লাভ কৰিছে ডিব্ৰুগড় জিলা সন্থাৰ লগতে কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে । আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই জাননী লাভ কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে । এই সন্দৰ্ভত লিখিত উত্তৰ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে শংকৰজ্যোতি বৰুৱাই ।

আনহাতে, ১৫ জনকৈ আছু সদস্যক আটক কৰা (Police arrests AASU workers) সন্দৰ্ভত শ্বহীদ ভৱনৰ সন্মুখত দেওবাৰে পুৱাৰে পৰা বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় ৷

এই সময়তে সন্ধিয়া ২ শতাধিক আছু কৰ্মী সহিতে উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদক গৰাকী । ইয়াৰ পিছতে আছু কাৰ্যালয়ৰ সন্মুখত দুগুণলৈ বৃদ্ধি হয় আৰক্ষী তথা নিৰাপত্তাৰক্ষী । ইয়াৰ পিছতে সংবাদ মেলত আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে শংকৰজ্যোতি । আৰক্ষী বিষয়া গৰাকীক সুবোধ বিশ্বাস আখ্যা দিয়ে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.