ডিব্ৰুগড়, 29 চেপ্তেম্বৰ : বিধায়ক বিমল বৰাৰ বিৰুদ্ধে আছুৰ চিবিআই তদন্তৰ দাবী ৷ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত হোৱা প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে টিংখাঙৰ বিধায়ক বিমল বৰাৰ নাম সাঙুৰ খাই পৰাত টিংখাঙৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে বিধায়ক গৰাকী জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে বিমল বৰাৰ বিৰুদ্ধে আছুৱে চিবিআই তদন্তৰ দাবী জনাইছে ৷
উল্লেখ্য যে বিভিন্ন দল সংগঠন সমূহে বিধায়ক গৰাকীৰ বিৰুদ্ধে টিংখাঙৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ সোমবাৰে টিংখাঙৰ ৰাজগড়ত ৰাজগড় আঞ্চলিক ছাত্র সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ৰাজগড় তিনিআলিত বিধায়ক গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰশ্ন কাকত ফাদিল ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ৷ ইফালে উক্ত ঘটনা সন্দৰ্ভত এখন সংবাদমেলৰ জড়িয়তে টিংখাঙ আ়ঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী কৰে ৷
লগতে পঢ়ক: ডিব্ৰুগড় আৰক্ষীৰ জালত দুই আদিবাসী টাইগাৰ ফ’ৰ্চৰ কেডাৰ