ডিব্ৰুগড়, 15 জানুৱাৰীঃ ৰাজ্য়ত এতিয়া ভোগালী বিহুৰ ব্যাপক উচাহ ৷ কিন্তু বিহু মাজতো যেন ম্লান পৰা নাই জাতীয় জীৱনৰ সংকটজনক অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম ৷ মাঘ বিহুৰ উৰুকাৰ নিশাই মুখ্যমন্ত্ৰীৰ গৃহ চহৰত দাহ কৰা হ’ল CAA ৰ প্ৰতিলিপি ।
উৰুকাৰ দিনাও বাদ পৰি নৰ’ল ‘‘কা’’ বিৰোধী আন্দোলন । ভোগালীৰ আনন্দত মতলীয়া হোৱাৰ সময়ৰ মাজতেও লুৰীণজ্যোতিৰ উপস্থিতিত ডিব্ৰুগড়ত আছুৱে দাহ কৰিলে সংশোধনী নাগৰিকত্ব আইনৰ প্ৰতিলিপি ৷ প্ৰতিলিপি দাহ কৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য, কোনো ধৰণৰ ষড়যন্ত্ৰই অসমীয়াক বিচলিত কৰিব নোৱাৰে ।