ETV Bharat / state

BVFC to Be Close !:‘মুখ্যমন্ত্ৰীৰ যি চৰিত্ৰ, ভাল গ্ৰাহক পালে গোটেই অসমখনকে বিক্ৰী কৰি দিব’ ; ভূপেন বৰা - ডিব্ৰুগড়

নামৰূপ সাৰকাৰখানাৰ বন্ধৰ বিৰোধীতাৰে চতুৰ্থ দিনাও উত্তাল নামৰূপ সাৰকাৰখানা চৌহদ ৷ মঙলবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু জিলা কংগ্ৰেছে পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ৷ ‘আমি ডিব্ৰুগড়বাসী লজ্জিত এনে এজন জনপ্ৰতিনিধি নিৰ্বাচিত কৰিলো’-আছু ৷ ‘নামৰূপ সাৰ কাৰখানা জাতি ভেটি মাটিৰ ভিতৰত নপৰে নেকি ’ প্ৰশ্ন APCC ৰ সভাপতি ভূপেন বৰাৰ

BVFC to Be Close
মুখ্যমন্ত্ৰী যি চৰিত্ৰ ভাল গ্ৰাহক পালে গোটে অসমখনকে বিক্ৰী কৰি দিব
author img

By

Published : Jul 25, 2023, 5:33 PM IST

মুখ্যমন্ত্ৰীৰ যি চৰিত্ৰ ভাল গ্ৰাহক পালে গোটে অসমখনকে বিক্ৰী কৰি দিব

নাহৰকটীয়া,২৫ জুলাই: নামৰূপ সাৰকাৰখানাৰ বন্ধৰ বিৰোধীতাৰে চতুৰ্থ দিনাও উত্তাল হৈ আছে নামৰূপ সাৰকাৰখানা চৌহদ । মঙলবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু জিলা কংগ্ৰেছে পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ আছুৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ বৰুৱাই চৰকাৰক তীক্ষ্ণ বাক্যবানেৰে চৰকাৰ সমালেচনা কৰে ৷

আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়,’ আমি অসমীয়া জাতি সঁচাকৈ দুৰ্ভাগীয়া ৷ নীতি আয়োগৰ অধ্যক্ষ স্বয়ং প্ৰধানমন্ত্ৰী ৷ প্ৰধানমন্ত্ৰী জনে এখন কমিটিৰ কথা নুশুনি কাৰ কথা শুনিব ! এনেদৰে চালে বেৰে কোবোৱা কথা অতি দুৰ্ভাগ্যজনক ৷ বিধায়কগৰাকীয়ে অন্তত কিছু প্ৰশাসনিক কথা জানিব লাগিছিল ৷ এইক্ষেত্ৰত শাসক পক্ষই মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৷ আমাৰ চকুৰ আগতে যেনেকৈ কাগজ কল দুটা বন্ধ হ’ল ঠিক তেনে দৰে বন্ধ কৰিবলৈ গৈ আছে নামৰূপ সাৰ কাৰখানা ৷’

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত বৰুৱাই কয় যে,আমি ভুল কৰিলো ৷ এনে এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰিলো যি প্ৰধানমন্ত্ৰীৰ গুণগান কৰাৰ বাদে সংসদত একো কথা কব নোৱাৰিলে ৷ আমি ডিব্ৰুগড়বাসী লজ্জিত এনে এজন জনপ্ৰতিনিধি নিৰ্বাচিত কৰিলো ৷ উত্তৰ-পূৱৰ এই সাৰ কাৰখানাৰ ক্ষেত্ৰত কিয় নিমাত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ! ৰাজনীতিৰ উদ্ধৰ্ত থাকি এই সাৰ কাৰখানা অধিক গতিশীল কৰিব লাগে ৷’

আনহাতে জিলা কংগ্ৰেছেও সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ APCC ৰ সভাপতি গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ নামৰূপ সাৰ কাৰখানা বন্ধৰ প্ৰসংগত বিধায়ক তৰংগ গগৈয়ে কৰা মন্তব্যৰ প্ৰতুত্ত্যৰ হিচাপে APCCৰ সভাপতি গৰাকীয়ে কয়,’ মুখ্যমন্ত্ৰীয়ে কিয় স্পষ্টীকৰণ প্ৰকাশ কৰা নাই ! এজন বিধায়কৰ স্পষ্টীকৰণত ৰাইজ সন্তষ্ট নহয় ৷ নীতি আয়োগে কিয় এই পৰামৰ্শ দিব লগা হ’ল ! সেই পৰ্যায়লৈ যাব লাগিব ৷’

ইফালে কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক লক্ষ্য কৰি বাক্যবাণ ভূপেন বৰাৰ,‘ইয়াৰ দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী আছে ৷ কিয় সোণোৱাল ডাঙৰীয়াই কথা নকয় ! তেওঁক জাতীয় নায়ক আখ্যা দিয়া হৈছিল ৷ কিন্তু জাতীয় নায়ক জীয়াই থাকোতে জাতীয় অনুষ্ঠান এটা বন্ধ হোৱা মানে তেওঁ জাতীয় নায়ক নে জাতীয় খলনায়ক হ’ব ! মুখ্যমন্ত্ৰীয়ে সম্পত্তি বিক্ৰী কৰা প্ৰতিযোগিতাত শীৰ্ষত উঠিছে ৷ মুখ্যমন্ত্ৰীৰ যি চৰিত্ৰ, ভাল গ্ৰাহক পালে গোটেই অসমখনকে বিক্ৰী কৰি দিব ৷ ’’

‘নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কৈছিল জাতি মাটি ভেটিৰ ৰক্ষাৰ কথা ৷ কিন্তু নামৰূপ সাৰ কাৰখানা জাতি ভেটি মাটিৰ ভিতৰত নপৰে নেকি ! তেওঁলোকে নিৰ্বাচনৰ সময়ত শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিল ৷ শৰাইঘাটৰ ৰণ জাতিৰ ৰক্ষাৰ বাবে হৈছিল ৷ কিন্তু নামৰূপ সাৰ কাৰখানা কেৱল অসমৰে নহয় ভাৰতৰো ৷ ধ্বংসৰ ফালে গতি কৰা নামৰূপ সাৰ কাৰখানাৰ সন্দৰ্ভত কিয় কাণত সোপা দি আছে চৰকাৰে !’

লগতে পঢ়ক :BVFCL Namrup:কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া দল সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.