ETV Bharat / state

ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ মৰাণৰ ৰাজপথত আছাৰ প্ৰতিবাদ - ডলু চাহ বাগিচাৰ চাহ গছ ধ্বংস

মৰাণৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ প্ৰতিকৃতি (AASAA Protest against Assam govt) ৷ কাছাৰৰ ডলু চাহ বাগিচাত বিমানবন্দৰ স্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে মৰাণত প্ৰতিকৃতি দাহ কৰি আছাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

AASAA Protest against Assam govt
ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ মৰাণৰ ৰাজপথত আছাৰ প্ৰতিবাদ
author img

By

Published : May 15, 2022, 2:03 PM IST

মৰাণ, 15 মে’ : শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল মৰাণৰ ৰাজপথ ৷ ৰাজ্য চৰকাৰে ডলু চাহ বাগিছাসহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়না গড়ৰ 873 একৰ ভূমিৰ চাহ গছ উচ্ছেদ কৰিছে (Eviction drive at Doloo tea estate) ৷ কিয়নো চৰকাৰে এই স্থানত এখন গ্ৰীণফিল্ড বিমানবন্দৰ (Green field airport) নিৰ্মাণ কৰিব ৷ যাৰ বিৰোধিতাৰে শনিবাৰে মৰাণ নগৰৰ মাজমজিয়াত আছাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

AASAA Protest against Assam govt
ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ মৰাণৰ ৰাজপথত আছাৰ প্ৰতিবাদ

প্ৰতিবাদকীসকলে কেৱল প্ৰতিবাদ কৰাই নহয়, প্ৰতিবাদস্থলীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ প্ৰতিকৃতি দাহ কৰে ৷ আনকি প্ৰতিবাদকাৰীসকলে চৰকাৰৰ এই সিদ্ধান্ত চাহ শ্ৰমিক বিৰোধী বুলি অভিহিত কৰে ৷ লগতে চাহ গছ ধ্বংস কৰি বিমানবন্দৰ স্থাপনৰ তীব্ৰ বিৰোধিতা কৰে ৷

প্ৰতিবাদকাৰীসকলে কয়, ‘‘তেওঁলোকে শ্ৰমিকৰ কথা চিন্তা নকৰি, কেৱল মালিকৰ হিতৰ কথা চিন্তা কৰিলে । ফলত হাজাৰ হাজাৰ চাহ শ্ৰমিকক কৰ্মহীন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিমানবন্দৰটো নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিছে । যদি চৰকাৰে সঁচাকৈয়ে চাহ শ্ৰমিকসকলৰ কল্যানৰ কথা ভাবি আছে, তেন্তে চাহ শ্ৰমিকৰ সৈতে কোনো আলোচনা নকৰাকৈ কিয় ইমান ডাঙৰ সিদ্ধান্ত হাতত লৈছে’’ ৷

প্ৰতিবাদকাৰীসকলে তেওঁলোকে এই প্ৰতিবাদৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক ডলু চাহ বাগিচাৰ চাহ গছ ধ্বংস কৰি বিমানবন্দৰ স্থাপন কৰা সিদ্ধান্ত বন্ধ কৰাৰ দাবী জনায় ৷ অন্যথা আছাৰ নেতৃত্বত এক বৃহত্তৰ গণ আন্দোলনৰ হুংকাৰৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : বিমান বন্দৰৰ পাতিবলৈ কাছাৰৰ ডলু চাহ বাগিছাত প্ৰশাসনে চলালে উচ্ছেদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.