মৰাণ,১৩ মে': শিলচৰৰ সমীপৰ ডলু চাহ বাগিচাৰ উচ্ছেদৰ ঘটনাক অমানুষিক তথা অমানৱীয় আখ্যা দিছে আপে(AAP on eviction of Doloo Tea Estate) । কাছাৰ জিলাৰ শিলচৰৰ ডলু চাহ বাগিচাত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে মুঠ ২৫০০ বিঘা ভূমিত প্ৰায় ৫০ লাখ জোপা চাহ গছ উচ্ছেদ কৰিবলৈ গৈ মহিলা, ছাত্র-ছাত্ৰীৰ ওপৰত বৰ্বৰ ভাবে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আপে ।
ডিব্ৰুগড়ত এক সংবাদ মেলৰ জৰিয়তে চৰকাৰে প্ৰশাসনৰ জৰিয়তে চাহ গছ নহয় চাহ শ্ৰমিকৰ বুকুত জে চি বি, ব্লোডজাৰ চলালে বুলি কৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আম আদমী পাৰ্টীয়ে(Press meet by AAP) । প্ৰতিজোপা চাহ গছত শ্ৰমিকৰ আবেগ জড়িত হৈ আছে, কিন্তু চৰকাৰে শ্ৰমিকৰ আবেগ বুজিবলৈ অলপো চেষ্টা নকৰিলে বুলি উল্লেখ কৰিলে আপৰ নেতা মনোজ ধানোৱাৰে ।
আপৰ মহিলা মৰ্চাৰ জিলা সভানেত্ৰী অনামিকা দাসেও এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । আপৰ জিলা সম্বন্বয়ক কমল দাস আৰু সম্ভ তাঁতী উপস্থিত থকা সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যি সময়ত চাহ শ্ৰমিকে দুবেলা দুমুঠি খোৱাৰ বাবে জীৱন সংগ্ৰাম কৰিবলগা হৈছে, সেই সময়ত চৰকাৰে শ্ৰমিকৰ দয়া-মমতা উপলব্ধি নকৰি জীয়ৰী-বোৱাৰী, ছাত্র- ছাত্ৰী, বৃদ্ধ-বৃদ্ধা সকলোৰে ওপৰত বৰ্বৰভাৱে জপিয়াই পৰিল ।
মনোজ ধানোৱাৰে চৰকাৰ আৰু চাহ বাগিচাৰ মাজত হোৱা বুজাবুজি চুক্তি ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰি উচ্ছেদ কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে । আনহাতে শ্ৰমিকৰ দুখ-দুৰ্দশা উপলব্ধি নকৰা চাহ জনগোষ্ঠীৰ মন্ত্ৰী, বিধায়ক, ৰাজনৈতিক নেতা সকলকো তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাজনৈতিক গাদী দখলৰ কথা চিন্তা নকৰি শীঘ্ৰে উচ্ছেদস্থলিত উপস্থিত হ'বলৈ আহ্বান জনাইছে । আনহাতে এই কাৰ্যৰ বিৰুদ্ধে আপৰ দ্বাৰা শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে ।
লগতে পঢ়ক: পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্য আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা: সঞ্জয় কিষাণ