ETV Bharat / state

প্ৰস্তাৱিত সংশোধিত শ্ৰম আইন বাতিলৰ দাবীত মৰাণত "আছা"ৰ ধৰ্ণা - AAASA protest against proposed labour law bill

ধৰ্ণাৰ জড়িয়তে আছাৰ দাবী - বিজেপিৰ চৰকাৰ খনৰ শ্ৰমিক গোষ্ঠীৰ প্ৰতি যদি অকণমানো আন্তৰিকতা আছে তেন্তে শীঘ্ৰে এই প্ৰস্তাৱিত সংশোধিত আইনৰ সংশোধন কৰা সকলো ধাৰা বাতিল কৰক ৷

AAASA protest against proposed labour law bill at Moran
প্ৰস্তাৱিত সংশোধিত শ্ৰম আইন বাতিলৰ দাবীত মৰাণত "আছা"ৰ ধৰ্ণা
author img

By

Published : May 22, 2020, 11:38 AM IST

মৰাণ, 22 মে': প্ৰস্তাৱিত সংশোধিত শ্ৰম আইন বাতিল কৰা আৰু লকডাউনৰ সময়ছোৱাৰ মজুৰি ৰেচন প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে মৰাণৰ বহুকেইখন চাহ বাগিচাত ৰূপায়ন কৰা হয় 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন ওৰাঙৰ নেতৃত্বত ৰাজ্যৰ সকলো চাহ-বাগিছাতে ঘোষণা কৰা হৈছিল এই ধৰ্ণা কাৰ্যসূচী ৷ ধৰ্ণাৰ জড়িয়তে আছাই দাবী কৰে যে, বিজেপি চৰকাৰ খনৰ শ্ৰমিক গোষ্ঠীৰ প্ৰতি যদি অকণমানো আন্তৰিকতা আছে তেন্তে শীঘ্ৰে এই প্ৰস্তাৱিত সংশোধিত আইনৰ সংশোধন কৰা সকলো ধাৰা বাতিল কৰক ৷ অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আছাৰ ৷

প্ৰস্তাৱিত সংশোধিত শ্ৰম আইন বাতিলৰ দাবীত মৰাণত "আছা"ৰ ধৰ্ণা

উল্লেখ্য যে, যোৱা 8 মে’ত মন্ত্ৰী পৰিষদৰ বৈঠকত প্ৰস্তাৱিত সংশোধিত শ্ৰম আইন মতে শ্ৰমিকৰ কামৰ সময় 8 ঘণ্টাৰ পৰা 12 ঘণ্টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ লগতে এই সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল যে, মালিক গোষ্ঠীয়ে ইচ্ছা কৰিলে শ্ৰমিক সকলক লক ডাউনৰ সময়ছোৱাত 8 ঘণ্টাৰ পৰিবৰ্তে 12 ঘণ্টা কাম কৰাব পাৰিব ৷ আছাৰ অভিযোগ, ৰাজ্য চৰকাৰে শ্ৰম আইনৰ কিছু ধাৰা যেনে 2 (এম) আৰু 51, 52, 53, 54, 55, 56 ধাৰা সংশোধন কৰি কৰ্মৰ সময় পূৰ্বৰ 8 ঘণ্টাৰ সলনি 12 ঘণ্টালৈ বৃদ্ধি কৰি শ্ৰমিৰ পৰিপন্থী নীতি গ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃ অসমলৈ আহিলে কোৱাৰেন্টাইনত থাকিব লাগিবঃ হিমন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.