ডিব্ৰুগড়,23 নৱেম্বৰ: ডিব্ৰুগড়ৰ ৰাজপথত এতিয়া চৰম নিৰাপত্তাহীনতাত জনসাধাৰণ । সন্ধিয়া চহৰৰ মাজ মজিয়াত দুৰ্বিত্তই গুলীয়াই তথা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ওম প্ৰকাশ আগৰৱালাক হত্যা কৰি পেলাই থৈ যোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ চহৰৰ মাজ মজিয়াত চোকা অস্ত্ৰৰে মহিলাক আক্ৰমণ ।
এইবাৰ ৰাজহুৱা স্থানত মানুহৰ মাজত বৈদ্যুতিক লাইটৰ পোহৰতেই আক্ৰমণ এগৰাকী মহিলাক । ডিব্ৰুগড়ৰ মুখ্য বজাৰৰ জালুকপাৰাৰ ভুটিয়া মাৰ্কেটৰ সমীপত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা । শুকুৰবাৰে নিশা প্ৰায় 10 বজাত মুখতাৰ আলী নামৰ এজন লোকৰ বিৰুদ্ধে মহিলা গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিয়োগ । ঘটনাৰ পাছতেই তৎকালীনভাৱে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় মহিলা গৰাকীক । অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন মহিলাগৰাকী বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ দল-সংগঠনে ৷