টিংখাং, 3 আগষ্ট : সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷ অলপতে টিংখাঙত সংঘটিত হৈছিল গৰ্ভৱতী মহিলা মৃত্যুৰ ঘটনা । আজিও গৰ্ভৱতী মহিলা গৰাকীৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য অব্যাহত আছে টিংখাঙত । কালি সন্তান প্ৰসৱৰ দিন আছিল ৷ হঠাতে চাৰিদিনৰ পূৰ্বে অৰ্থাৎ যোৱা দেওবাৰে ৰহস্যজনকভাৱে অকাল মৃত্যুক সাৱতি ল’ব লগা হয় টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমৰা গাঁৱৰ বোৱাৰী কংকনা বৰবৰুৱাই । এই ঘটনা সংঘটিত হোৱাৰ পাচৰ পৰাই চাঞ্চল্য অব্যাহত আছে টিংখাঙত ।
টিংখাঙৰ আৰক্ষী প্ৰশাসনে তদন্ত কৰি ঘটনা সন্দৰ্ভত কংকনাৰ স্বামী বিপ্লৱ হাজৰিকা আৰু শাহু মিনতি হাজৰিকাক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে শাহু মিনতি হাজৰিকাক জেললৈ প্ৰেৰণ কৰিছে যদিও অধিক তদন্তৰ বাবে বিপ্লৱ হাজৰিকাক চাৰিদিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লয় । এই হৃদয় বিদাৰক তথা মৰ্মান্তিক ঘটনাটোৰ সৈতে জড়িত থকা সকলোকে ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বিচাৰ কৰি ফাঁচী দিবলৈ দাবী জনাই বৃহস্পতিবাৰে টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে মৃত কংকনা বৰবৰুৱাৰ মাতৃগৃহ টিংখাঙৰ ৰংছোৱাল গাঁৱৰ শতাধিক পুৰুষ- মহিলাই ।
প্ৰতিবাদকাৰী সকলে স্বামী বিপ্লৱ হাজৰিকাৰ পৰিয়ালৰ সকলো সদস্যক তদন্তৰ আওতালৈ অনা, দোষীক ফাঁচী দিয়া, তদন্তৰ গতি খৰতকীয়া কৰা আদি দাবী উত্থাপন কৰি টিংখাং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । নাৰী সুৰক্ষাৰ কথা কৈ থকা চৰকাৰৰ দিনত কংকনা বৰবৰুৱাই ন্যায় লাভ কৰিব নে নাই সেইয়া এতিয়া আৰক্ষীৰ তদন্তৰ ওপৰতহে নিৰ্ভৰ কৰিব ।
লগতে পঢ়ক : Mysterious death of woman in Rajgarh:ৰাজগড়ত গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যু