ETV Bharat / state

'পথাৰ আমাৰ বজাৰ আমাৰ' ধাৰণাৰে এজন আদৰ্শ কৃষকৰ 30 বছৰীয়া যাত্ৰা

author img

By

Published : Sep 16, 2020, 7:12 PM IST

Updated : Jul 21, 2022, 3:49 PM IST

আজিৰ পৰা 30 বছৰ পূৰ্বেই পথাৰ বজাৰৰ ধাৰণাৰে কৃষি কৰ্ম আৰম্ভ কৰিছিল জয়দত কোঁৱৰ এজন ব্যক্তিয়ে ৷ বৃহৎ আকাৰৰ অষ্ট্ৰেলিয়ান বাৰ্ড "ইমু",নিউজিলেণ্ডৰ পখী কিৱি ইত্যাদি চৰাই পৰিভ্ৰমণ কৰে এইজন ব্যক্তিৰ নিজ বাসগৃহত ৷ চাওঁক এই প্ৰতিবেদন ৷

অষ্ট্ৰেলিয়ান বাৰ্ড ইমু
Etv Bharat

ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ : পথাৰ আমাৰ বজাৰ আমাৰ, সম্প্ৰত্তি এই শ্লোগানটোৱে সমাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷ এই শ্ল'গানটোৱে নৱপ্ৰজন্মক ব্যাপকভাৱে উৎসাহিত কৰিছে ৷ কিন্তু নাহৰকটীয়াৰ জয়দত কোঁৱৰ নামৰ ব্যক্তিজনৰ বাবে এই শ্ল'গানটো বহু পুৰণি ৷ আজিৰ পৰা 30 বছৰ পূৰ্বেই তেওঁ এই বজাৰ পথাৰৰ ধাৰণাটো আৰম্ভ কৰিছিল ৷

উল্লেখ্য যে,যিখিনি সময়ত অসমৰ কৃষকক চৰকাৰে বিজ্ঞানসন্মত কৃষি কৰাৰ সুযোগ সুবিধাৰ আঁচনি দিবলৈ সক্ষম হোৱা নাছিল সেইখিনি সময়তেই স্বাৱলম্বিতাৰ বাবে অসমীয়া গাঁৱৰ ডেকাই উপায়হীন হৈ বিভিন্ন পন্থা হাতত ল'বলৈ বাধ্য হৈছিল ৷ ঠিক সেই সময়তে ডিব্ৰুগড়ৰ জয়দত কোঁৱৰে স্বাৱলম্বী হোৱাৰ বাট কাটিবলৈ আৰম্ভ কৰিছিল ৷

সাধাৰণতে কৃষি বুলিলে অসমত ধান,শাক-পাচলি আৰু চাহ খেতিৰ কথাকেই মনলৈ আহে যদিও এইজন অসমীয়াৰ তেতিয়াৰ দিনৰ পৰাই কৃষি কাৰ্যটো এক ব্যতিক্ৰমী ধাৰণা আছিল । এই ব্যক্তিজনৰ নিজ ঘৰৰ চৌহদৰ প্ৰায় ৭০ বিঘা ভূমিত আছে মাটিকঠাল, নাৰিকল,বিভিন্ন প্ৰজাতিৰ নেমু,মধুৰি, ক'ল,জলকীয়া,কুহিয়াঁৰ,চজিনা,তামুল চাহৰ শাৰী শাৰী গছ। লগতে বিভিন্ন ঔষধী গছ,বিভিন্ন প্ৰজাতিৰ ফুলৰ নাৰ্ছাৰী আদি ।

মাটি মানুহৰ সম্পৰ্ক অতুত ৰাখি তেওঁ বিগত ৩০ টা বছৰে অবিৰতভাৱে কৰি গৈছে নিজ কৃষি কৰ্ম৷ এই ব্যক্তিজনৰ মৎস্য উৎপাদনৰ বাবে থকা বৃহৎ পুখুৰীটোত দেখিবলৈ পোৱা যায় এক ব্যতিক্ৰমী দৃশ্য মাছবোৰক আহ আহ বুলি তেওঁ সম্বোধন কৰিলেই দূৰৰ পৰাই শাৰী পাতি আহে মাছবোৰ ৷

ইফালে বাৰিখনত ঘূৰি ফুৰা দেখা যায় বৃহৎ আকাৰৰ অষ্ট্ৰেলিয়ান বাৰ্ড "ইমু",নিউজিলেণ্ডৰ পখী কিৱি ইত্যাদিৰ লগতে নোম থকা কুকুৰাৰ প্ৰজাতি,বৰ্তমান চিল্কি হিচাপে খ্যাত ক'লা কুকুৰা ইত্যাদি।

তেওঁৰ বাৰীখনত থকা ১৬ টা প্ৰজাতিৰ নেমু ,বিভিন্ন প্ৰজাতিৰ জলকীয়াকে ধৰি আন বহু উদ্ভিদৰ পৃথক পৃথক প্ৰজাতি মুখস্থ হৈ থকাৰ দৰে গছজোপাৰ কাষলৈ গৈ কৈ দিয়ে তেওঁ । এই সমগ্ৰ উৎপাদনসমূহ তেওঁ বিক্ৰী কৰে স্থানীয় বজাৰত, যাৰ সহায়ত তেওঁ বছৰ বছৰ ধৰি বজাৰ দখল কৰি আহিছে ৷ জয়দত কোঁৱৰৰ এই সফল কৃষি কাৰ্য বৰ্তমান প্ৰজন্মৰ লগতে চৰকাৰৰ বাবেও হ’ব আদৰ্শ স্বৰূপ ৷

লগতে পঢ়ক :জীৱন সংগ্ৰামৰ মাজতেই এগৰাকী মহিলাই গাইছে চিৰসেউজ গীত

Last Updated : Jul 21, 2022, 3:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.