মৰাণহাট, 14 ফেব্ৰুৱাৰীঃ ধৰ্মীয় সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখা গ’ল মৰাণৰ খুমটাইত ৷ ধৰ্মান্ধতা,সাম্প্ৰদায়িক ৰাজনীতি,গোষ্ঠীগত সংঘাত আদিয়ে দেশক অস্থিৰ কৰি ৰখাৰ সয়মতে মৰাণত সৰ্ব ধৰ্ম চৰ্চাৰ মাজেৰে একতা আৰু সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাৰ প্ৰয়াস ৷ বিগত 10 ফেব্ৰুৱাৰীৰ পৰা মৰাণৰ খুমটাই চাহ বাগিছাৰ প্ৰেক্ষাগৃহত স্থানীয় হিন্দু-মুছলমান তথা খ্ৰীষ্টান ধৰ্মীয় সকলো ৰাইজৰ সহযোগত সপ্তাহজোৰা অখণ্ড শ্ৰীমদ্ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হৈছে ৷ প্ৰতিটো দিনতে হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণে মৰাণ খুমটাই চাহবাগিছা বৈকুন্ঠ পুৰীলৈ ৰূপান্তৰিত হৈছে ৷
আৰু পঢ়কঃঅসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ : ৰামেশ্বৰ তেলী