মৰাণ, ৩১ অক্টোবৰ: স্বেচ্ছাসেৱী সংগঠন 'জোনাক'ৰ উদ্যোগত ডিব্ৰুগড়ৰ মৰাণত কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। মৰাণ বিধানসভা সমষ্টিৰ এটা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন 'জোনাকে' অঞ্চলটোক শিক্ষা,সাহিত্য,সংস্কৃতি আদি বিভিন্ন দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছে।
![মৰাণত 'জোনাক'ৰ উদ্যোগত অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-808to8011-meritstudentofgorudhariyacongratulatingbyjonakas10031_31102020144250_3110f_1604135570_1069.jpg)
শুক্ৰবাৰে গৰুধৰীয়াত অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে 'উদাহৰণ ৰুণজুণ' নামেৰে এটি অনুষ্ঠান আয়োজন কৰে। কৰ'ণা আতংকৰ বাবে এইবাৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাছিল সংগঠনটোৱে।
![মৰাণত 'জোনাক'ৰ উদ্যোগত অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-808to8011-meritstudentofgorudhariyacongratulatingbyjonakas10031_31102020144250_3110f_1604135570_342.jpg)
সেয়ে শুক্ৰবাৰে 'উদাহৰণ ৰুণজুণ' অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।
![মৰাণত 'জোনাক'ৰ উদ্যোগত অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-808to8011-meritstudentofgorudhariyacongratulatingbyjonakas10031_31102020144250_3110f_1604135570_178.jpg)
অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহঃ অধ্যাপক ড০ প্ৰাঞ্জল বুঢ়াগোঁহাই,অধ্যাপক মৃণাল বৰুৱা আৰু BCPLৰ পৰিচালনা সঞ্চালক হাজৰিকা ভাউৰীয়াৰ লগতে জোনাকৰ বিষয়ববীয়াসকল আৰু অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাতে অঞ্চলটোৰ ৰাইজে এখনি প্ৰশংসা পত্ৰৰে বিধায়ক চক্ৰধৰ গগৈকো সম্বৰ্ধনা জনায়।
লগতে পঢ়ক:মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ