ETV Bharat / state

জলসম্পদ বিভাগৰ হেমাহিত খোৱাঙৰ দিহিং মথাউৰিৰ বিধ্বস্ত অৱস্থা

author img

By

Published : Nov 4, 2020, 9:13 PM IST

মৰাণৰ খোৱাঙত জৰাজীৰ্ণ ৰূপ লৈছে ঐতিহাসিক দিহিং মথাউৰিয়ে। বাৰিষাৰ বানে প্ৰতিবছৰে বিধ্বস্ত কৰে মথাউৰিটো। স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে মথাউৰিটো পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিও আজি পৰ্যন্ত প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ।

জলসম্পদ বিভাগৰ হেমাহিত খোৱাঙৰ দিহিং মথাউৰিৰ বিধ্বস্ত অৱস্থা
জলসম্পদ বিভাগৰ হেমাহিত খোৱাঙৰ দিহিং মথাউৰিৰ বিধ্বস্ত অৱস্থা

মৰাণ, ৪ নৱেম্বৰ: উন্নয়নৰ জয়গান গাই অহা বি জে পি চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাইছে মৰাণৰ খোৱাঙৰ ঐতিহাসিক দিহিং মথাউৰিয়ে। খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাতে গ্ৰাম্য উন্নয়নৰ পুতৌ লগা ছবি। মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লৈছে দিহিং মথাউৰিয়ে। খোৱাং ঘাটৰ পৰা নিতাই দিহিংমুখ সংযোগী মথাউৰিটো পুনৰ মেৰামতি নকৰাত যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তি ভূগিবলগীয়া হৈছে ৰাইজে।

বাৰিষা বানৰ প্ৰকোপ বেছি হ'লে ঐতিহাসিক মথাউৰিটো চিঙি যোৱাৰ উপক্ৰম হয়। সেই সময়ত জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা, জনপ্ৰতিনিধি সকলোৱে মথাউৰি পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ তৎপৰতা দেখুৱাই যদিও বাৰিষা পাৰ হ'লে সকলো পাহৰে। মথাউৰি নিৰ্মাণৰ বাবে ৰাইজে বহুবাৰ বিভাগীয় বিষয়াৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক আহ্বান জনাই আহিছে যদিও আজি পৰ্যন্ত মথাউৰিটো পুনৰ নিৰ্মাণ নহ'ল।

বিধায়কজনে কেইবাবাৰো মথাউৰিটো পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিধায়কগৰাকীৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। ১০০ৰো অধিক গাঁৱক সুৰক্ষা দিয়া ঐতিহাসিক দিহিং মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে বিধায়ক চক্ৰধৰ গগৈয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে খোৱাঙৰ ৰাইজ। শীঘ্ৰে মথাউৰিটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়ক:নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.