ETV Bharat / state

ৰাজহুৱা স্থানৰ পৰিৱৰ্তে ঘৰতে উদযাপন কৰিব লাগিব ষঠ পূজা - ষঠ পূজা

সমাগত ষঠ পূজা। ষঠ পূজা পালনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে। কৰ'ণাসৃষ্ট সংকটকালত ঘৰতে পৰম্পৰাগত ৰীতি-নীতিৰে ষঠ পূজা উদযাপন কৰিব লাগিব ডিব্ৰুগড়ৰ ভক্ত প্ৰাণ ৰাইজে। নৈৰ ঘাটত সূৰ্য দেৱতাক অৰ্ঘ্য আগবঢ়াব নোৱাৰিব বুলি প্ৰশাসনে স্পষ্ট কৰি দিছে।

ষঠ পূজা পালনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ডিব্ৰুগড় জিলা প্ৰশাসনৰ

author img

By

Published : Nov 10, 2020, 5:37 PM IST

ডিব্ৰুগড়, ১০ নৱেম্বৰ: প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত উদযাপন কৰি অহা ষঠ পূজা পালনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে। শাৰদীয় দুৰ্গোৎসৱৰ পিছত আগন্তুক ষঠ পূজা পালনক লৈও তৎপৰ হৈ পৰিছে প্ৰশাসন। মঙলবাৰে ষঠ পূজা সমিতিসমূহৰ সৈতে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তই এখন বৈঠকত মিলিত হয়। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকৰ সভাপতিত্ব কৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই। COVID-১৯ৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ষঠ পূজা নিজ নিজ ঘৰতে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সকলো ষঠ পূজা উদযাপন সমিতিৰ সন্মতি মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ষঠ পূজা পালনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ডিব্ৰুগড় জিলা প্ৰশাসনৰ
ষঠ পূজা পালনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ডিব্ৰুগড় জিলা প্ৰশাসনৰ

বৈঠকত পূৰ্বৰ বছৰ সমূহৰ দৰে নদীৰ ঘাটত নতুবা ৰাজহুৱা স্থানত ষঠ পূজা উদযাপন কৰা নহ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সভাত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক প্ৰতিক থুবে, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, অতিৰিক্ত উপায়ুক্তদ্বয় ডিপু কুমাৰ ডেকা আৰু ৰঞ্জিত কোঁৱৰ, ৰাজহ চক্ৰ বিষয়াসকল আৰু বিভিন্ন ষঠ পূজা সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷ বৈঠকত ৰাজহ চক্ৰ বিষয়াসকলক নিজ নিজ ৰাজহ চক্ৰৰ অধীনস্থ অঞ্চলত অনুৰূপ ধৰণেৰে ষঠ পূজা উদযাপন সন্দৰ্ভত ষঠ পূজা সমিতি সমূহৰ সৈতে আলোচনা কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়ে ।

ষঠ পূজাৰ সময়ত বহু লোক একেটা স্থানত মিলিত হ'লে মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে। সেয়ে, ষঠ পূজা সমিতিৰে আলোচনা কৰি পৰম্পৰা অক্ষুণ্ণ ৰাখি অনুষ্টুপীয়াকৈ ষঠ পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড় জিলা প্ৰশাসনে । আনহাতে, পূৰ্বৰ দৰে নৈৰ ঘাটলৈ গৈ স্নান কৰি পূজা-অৰ্চনা আগবঢ়াব নোৱাৰিব বুলি জানিব পাৰি স্বাভাৱিকতে ভক্তসকল নিৰাশ হৈছে যদিও মহামাৰীৰ ভয়ৱহতাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তক আঁকোৱালি লৈছে ।

লগতে পঢ়ক:গহপুৰত ২৫ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.