ডিব্ৰুগড়, ১৩ নৱেম্বৰ: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ দুই লেনযুক্ত কাম পথ নিৰ্মাণৰ কাম। ৰাজ্য চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ চিগনেচাৰ প্ৰজেক্ট আঁচনিৰ অধীনত নিৰ্মাণ কৰা দুই লেনযুক্ত পথৰ কামৰ শুভাৰম্ভণি কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। মেৰামতিৰ অভাৱত বিধ্বস্ত ৰূপ লোৱা ঐতিহাসিক বৰফুকন আলি দুই লেনযুক্ত কৰি নিৰ্মাণ কৰাৰ বাবে ১০ কোটি টকা ৰাজ্য চৰকাৰে আবণ্টন দিছে।
![ডিব্ৰুগড়ৰ খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ দুই লেনযুক্ত কামৰ শুভাৰম্ভণি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to806-constructionofbarphukanaaliisstartsinkhowang-as10031_13112020110231_1311f_1605245551_344.jpg)
এই ধনৰাশিৰে পথটোৰ প্ৰথম খণ্ডৰ ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে। আনহাতে, অতি কম দিনৰ ভিতৰতে পথটোৰ বাকী থকা অংশৰ কামো সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় সকলো কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিধায়ক চক্ৰধৰ গগৈয়ে। শুভাৰম্ভণি অনুষ্ঠানত ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকাৰ কথা আছিল যদিও তেখেতে সভাত উপস্থিত থাকিব নোৱাৰিলে।
![ডিব্ৰুগড়ৰ খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ দুই লেনযুক্ত কামৰ শুভাৰম্ভণি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to806-constructionofbarphukanaaliisstartsinkhowang-as10031_13112020110231_1311f_1605245551_453.jpg)
অনুষ্ঠানটিত লোক নিৰ্মাণ বিভাগ মৰাণ, টিংখাং, লাহোৱাল, ডিব্ৰুগড় ক্ষেত্ৰীয় উপসংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৰগোহাঁই উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে বিধায়কগৰাকীয়ে বাহনি পথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।
লগতে পঢ়ক:ছয়গাঁৱত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ