ETV Bharat / state

COVID-19 প্ৰ'ট'কল মানি ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ

author img

By

Published : Nov 3, 2020, 7:00 PM IST

ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানতো আৰম্ভ হৈছে পাঠদান। কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে সুদীৰ্ঘ ৭ মাহ ধৰি ভাৰ্চুৱেল মাধ্যমেৰে পাঠদান অব্যাহত আছিল। স্বাস্থ্যবিধি মানি বিদ্যালয়লৈ আহিল ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী।

COVID-19 প্ৰ'ট'কল মানি ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ
COVID-19 প্ৰ'ট'কল মানি ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ

মৰাণ, ৩ নৱেম্বৰ: ৰাজ্যত কৰ'ণা সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱাত শিক্ষা বিভাগে উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ দিছে। শিক্ষাবিভাগৰ নিৰ্দেশমৰ্মে, দ্বিতীয় পৰ্যায়ত যোৱা ২ নৱেম্বৰৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে উচ্চ মাধ্যমিক বিদ্যালয়সমূহত। শিক্ষাৰ্থীৰ সেৰেঙা উপস্থিতিৰ মাজতে মহাবিদ্যালয়তো আৰম্ভ হৈছে পাঠদান।

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহত COVID-19 প্ৰ'ট'কল পালনৰ মাজেদি পাঠদান আৰম্ভ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ডিব্ৰুগড়ৰ খোৱাং, মৰাণ, বৰবৰুৱা, লেজাই কলাখোৱা আদি অঞ্চলৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী কোঠাত প্ৰৱেশ কৰাৰ আগতে হাত ধোৱা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰা, ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ উষ্ণতা পৰীক্ষা আদিৰ ব্য়ৱস্থা কৰা হৈছে।

মহামাৰী সংক্ৰমণৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই যাৱতীয় ব্য়ৱস্থা গ্ৰহণ কৰিছে যদিও মঙলবাৰে দ্বিতীয় দিনাও ব্যক্তিগত বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱা পৰিলক্ষিত হৈছে। একাংশ চৰকাৰী বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত প্ৰথমে অভিভাৱকসকলৰ সৈতে শীঘ্ৰে আলোচনাত মিলিত হ'ব।

কাৰণ, গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীৰ লগতে কিছু অভিভাৱক আজিও সচেতন হৈ উঠা নাই। মহামাৰী সংক্ৰমণৰ আশংকাত নিজৰ সন্তানক বিদ্যালয়লৈ অহাত অনুমতি দিয়া নাই অভিভাৱকসকলে। সেয়ে ডিব্ৰুগড়ৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক:জীতেন্দ্ৰ সিঙক উষ্ম আদৰণি জনালে চামগুৰিবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.