ডিব্ৰুগড়, ২০ অক্টোবৰ: ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বাঘতলী পথাৰত দেওবাৰে সন্ধিয়া সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ২ টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । সমগ্ৰ ঘটনা সম্বন্ধে Etv Bharat ত বাতৰি প্ৰচাৰ কৰা হৈছিল ।
![Etv Bharatৰ বাতৰিৰ প্ৰভাৱ:খোৱাঙৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত চক্ৰধৰ গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8012to8020-impactofetvbharatnews-as10031_20102020135743_2010f_1603182463_960.jpg)
বাতৰি প্ৰচাৰৰ পিছতে মঙলবাৰে দুৰ্ভগীয়া পৰিয়াল দুটিৰ কাষত উপস্থিত হয় আৰু পাৰ্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । আনহাতে, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে পৰিয়াল দুটাক নিজৰ ঘৰলৈ মতাই নি আৰ্থিক সাহায্য প্ৰদান কৰে ।
![খাদ্য সামগ্ৰী যোগান ধৰিলে অনুসূচিত জাতি মৰ্চাৰ অধ্যক্ষ অসীম হাজৰিকাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8012to8020-impactofetvbharatnews-as10031_20102020135743_2010f_1603182463_912.jpg)
লগতে ডিব্ৰুগড় জিলা অনুসূচিত জাতি মৰ্চাৰ অধ্যক্ষ অসীম হাজৰিকাই পৰিয়াল দুটাক খাদ্য সামগ্ৰী যোগান ধৰে। উল্লেখ্য যে, দেওবাৰে সন্ধিয়া বিতু বাইলুঙৰ ঘৰত প্ৰথমে জুইৰ সূত্ৰপাত হয় ।
জুই লেলিহান শিখাই সমগ্ৰ ঘৰখন আগুৰি ধৰাৰ পিছত কাষতে থকা টুটু বাইলুঙৰ বাসগৃহলৈও জুই বিয়পে । ফলত বিতু বাইলুঙৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে টুটু বাইলুঙৰ ঘৰৰ আচবাবো জ্বলি ছাঁই হয় । জুই নিৰ্বাপন কৰিবলৈ গাঁৱৰ ৰাইজে আপ্ৰাণ চেষ্টা কৰে যদিও বিফল হয় ।
![Etv Bharatৰ বাতৰিৰ প্ৰভাৱ:খোৱাঙৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত চক্ৰধৰ গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8012to8020-impactofetvbharatnews-as10031_20102020135743_2010f_1603182463_1032.jpg)
অগ্নিকাণ্ডৰ ফলত দুয়োটা পৰিয়ালৰে প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় । অগ্নিকাণ্ডত সকলো জাহ যোৱাত দিক-বিদিক হেৰুৱাইছিল পৰিয়াল দুটাই । অৱশেষত মন্ত্ৰী যোগেন মোহন, বিধায়ক চক্ৰধৰ গগৈৰ সহায়ে কিছু সকাহ দিছে ।
লগতে পঢ়ক:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী নেমছুৰ