ETV Bharat / state

ৰাইজৰ ধন আত্মসাৎ কৰি পলাতক ৰূপা গগৈ

author img

By

Published : Mar 27, 2021, 11:27 AM IST

দুলীয়াজানত লক্ষাধিক টকা আত্মসাৎ কৰি পলাতক ৰূপা গগৈ নামৰ এগৰাকী মহিলা । মহিলাগৰাকীয়ে দুলীয়াজানৰ বিষ্ণুনগৰ গোলোকপুৰ নামঘৰৰ সমীপৰ ৰাইজৰ পৰা ধন ধাৰলৈ লোৱাৰ ওপৰিও আনৰ প্ৰমাণ পত্ৰ, ভূৱা চহীৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ পৰা লাখ লাখ টকা লোণ লৈ পলায়ন কৰে ।

দুলীয়াজানত লক্ষাধিক টকা আত্মসাৎ কৰি পলাতক ৰূপা গগৈ

মৰাণ,২৭ মাৰ্চ: ৰাজ্যৰ ভিন্ন স্থানত কাঠফুলাৰ দৰে গঢ়ি উঠিছে মাইক্ৰ’ফাইনেঞ্চ কোম্পানী । এই মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে ৰাজ্যৰ হাজাৰ হাজাৰ লোকৰ পৰা ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে । দুলীয়াজানতো লক্ষাধিক টকা আত্মসাৎ কৰি পলাতক ৰূপা গগৈ নামৰ এগৰাকী মহিলা ।

ঘটনা অনুসৰি, ৰূপা গগৈ নামৰ মহিলাগৰাকীয়ে দুলীয়াজানৰ বিষ্ণুনগৰ গোলোকপুৰ নামঘৰৰ সমীপৰ ৰাইজৰ পৰা ধন ধাৰলৈ লোৱাৰ ওপৰিও আনৰ প্ৰমাণ পত্ৰ, ভুৱা চহীৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ পৰা লাখ লাখ টকা লোণ লৈ পলায়ন কৰে ।

শুকুৰবাৰে ৰূপা গগৈৰ স্বামী লাচিত গগৈ ওৰফে মিণ্টু গগৈৰ সৈতে পলাব খোজোতেই ৰাইজে কৰায়ত্ব কৰে । ৰাইজৰ অভিযোগ অনুসৰি, দম্পতীটোৱে পলাব লওঁতে যেতিয়া ৰাইজে আগভেটি ধৰে তেনেতে স্বামী লাচিতে দাৰে আক্ৰমণ কৰিবলৈ বুলি চোঁচা লয় । কিন্তু অভিযুক্ত লাচিত গগৈয়ে ৰাইজৰ এই অভিযোগক নস্যাৎ কৰে । পাচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । স্বামী লাচিত গগৈক ৰাইজৰ সহযোগত আটক কৰিছে আৰক্ষীয়ে । ইফালে, দুলীয়াজান থানালৈ মূল অভিযুক্তৰ পলাতক ৰূপা গগৈৰ স্বামীক লৈ যায় ।

লগতে পঢ়ক: তিতাবৰত কংগ্ৰেছ আৰু এজেপিৰ দুই প্ৰাৰ্থীৰ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.