ETV Bharat / state

ডিব্ৰুগড়ত কৰ'ণাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা ভিন্নজনৰ

author img

By

Published : Jun 7, 2020, 1:58 PM IST

ডিব্ৰুগড়ত এগৰাকী গাড়ী চালকৰ দেহত COVID-19 ৰ অৱস্থিতি পোৱাক লৈ আতংকৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত ৷ কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাহিৰত COVID-19 ৰোগী পোৱাৰ ফলত সম্প্ৰতি গুৱাহাটীৰ পাচতে ডিব্ৰুগড়ত সামাজিক সংক্ৰমণ হোৱাৰ আশংকা কৰিছে ভিন্নজনে ৷

Breaking News

ডিব্ৰুগড়, 7 জুনঃ ডিব্ৰুগড়ত এজন গাড়ী চালকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ ডিব্ৰুগড়ত নিশাৰ ভাগত চিনাক্ত হৈছিল ৭ কৰ'ণা আক্ৰান্ত লোক ৷ ইয়াৰে 4 জন খোৱাং কোৱাৰেণ্টাইন কেন্দ্ৰৰ, 2 দুজন কুটুহা কোৱাৰেণ্টাইন কেন্দ্ৰৰ আৰু আনজন বৰবৰুৱাৰ এগৰাকী গাড়ী চালক ৷ কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাহিৰত COVID-19 ৰোগী পোৱাৰ লগে লগে আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ডিব্ৰুগড়তে ৷

ডিব্ৰুগড়ত কৰ'ণাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা ভিন্নজনৰ

ইতিমধ্যে জিল প্ৰশাসনে বৰবৰুৱাৰ উক্ত অঞ্চলটো কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি নিষিদ্ধ কৰিছে ৷ কিন্তু ঘোষণা কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ৷ ৰাজপথৰ কাষেৰে অঞ্চলটোত মাত্ৰ এগৰাকী আৰক্ষী কনিষ্টবলক পহৰাৰ দায়িত্ব দি, দুডাল বাঁহ বান্ধিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ মাত্ৰ এটা পথত বৰ্ড লগাইছে যদিও পথচোৱাত সংলগ্ন কেইবাটাও পথ বৰ্তমানেও হৈ আছে মুকলি ৷ ইফালে অঞ্চলটোৰ সমীপতে বহে দেওবৰীয়া এখন বৃহৎ হাট ৷ কাষতে আছে বাগিছাৰ কেইবাটাও লাইন ৷ আনহাতে চবিৰ আলম নামৰ গড়ীচালক জন কাৰ-কাৰ সংস্পৰ্শলৈ আহিছিল সেই সন্দৰ্ভত প্ৰশাসনে তথ্য সংগ্ৰহ কৰা লগতে swab পৰীক্ষা কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ জানিব পৰা মতে, চবিৰ আলমে ICMRৰ পৰা চেপনলৈ এজন চিকিৎসকৰ বাহন চলাইছিল ৷ গুৱাহাটীৰ পাচতে ডিব্ৰুগড়ত সামাজিক সংক্ৰমণ হোৱাৰ আশংকা কৰিছে ভিন্নজনে ৷

লগতে পঢ়কঃ দাৰ্জিলিং সীমান্তত উপস্থিত নেপালত আৱদ্ধ ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.