ডিব্ৰুগড়, 15 ছেপ্তেম্বৰ: বাৰিষাৰ আগমনৰ পৰা ধৰি বৰ্তমান বাৰিষা যাওঁ যাওঁ হোৱালৈকে খাল বিল, নৈ পুখুৰী নলাবোৰ ক্ৰমান্বয়ে শুকাই অহাৰ সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰশীৰে মাছ ধৰাত ব্যস্ত এতিয়া বহুজন । কাৰোবাৰ হাতত যদি আধুনিক হুইল বৰশী, কাৰোবাৰ হাতত আকৌ পৰম্পৰাগত বাঁহৰ বৰশী । সকলোৰে চকু একেৰাহে বৰশীৰ পুঙাটোলৈ ।
টোপ হিচাপে কোনোবাই ব্যৱহাৰ কৰিছে কেঁচু, কোনোবাই শিদল, কোনোবাই বৰল, কোনোবাই কোণ্ডুটোপ । এই দৃশ্যবোৰে যেন কৈ উঠে "আজৰি সময়ত বৰশী বোৱা সকলেহে জানে, বৰশী বোৱাৰ কিমান যে আছে সুকীয়া আমেজ আছে ।
বাৰিষাৰ সময়ছোৱাত খাল-বিল, পুখুৰী, নলা আদিত সচৰাচৰ দেখা যাই বৰশীবোৱাৰ দৃশ্য । সাধাৰণতে গৰৈ, চেঙেলী, কাৱৈ, শ’ল-শাল, কান্ধুলী, শিঙি, মাগুৰ আদি সহজতে বৰশীত উঠে আমাৰ জলাশয় সমূহত । মহানগৰ বা চহৰৰ ব্যস্ত জীৱন অতিবাহিত কৰা সকলৰ বাবে চাগে বৰশীৰে থলুৱা মাছ ধৰাৰ আমেজ এতিয়া নষ্টালজিয়া । উঠি অহা প্ৰজন্মৰ বহুতেই চাগে চিনিয়েই এতিয়া নাপাই বৰশী ।
লগতে পঢ়কঃ শোণিতপুৰত উদগনিমূলক শ্ল'গান লিখা প্ৰতিযোগিতা
বৰ্তমান চহৰ মহানগৰ তথা ব্যস্ততা ভৰা জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা এই বৰশী বোৱাৰ দৃশ্য দেখা গৈছে ডিব্ৰুগড়ৰ ঐতিহাসিক মাইজান বিলত । আজৰি সময়ত বহুতেই নিজৰ চখ পূৰণ কৰি বৰশী বাবলৈ সঘনাই আহে বিলখনলৈ আহে ।
উল্লেখযোগ্য যে, লোৰ এডাল সৰু তাঁৰ বেঁকা কৰি প্ৰশ্ন বোধক চিহ্নৰ দৰে ভাঁজ দিয়া হয় । ইয়াৰ ওপৰ ফালৰ অংশ সামান্য বহল আৰু আনটো মূৰ জোঙা। বহল অংশক পটা আৰু জোঙা অংশক শুং বুলি কোৱা হয় । বহল পটা খনৰ ঠিক তলতে খুব টান মিহি ৰছী এডাল বান্ধি ৰছীৰ আনটো মূৰ বাঁহৰ মিহি আগ অংশত বান্ধি লোৱা হয় ।
বাঁহ ডালক বৰশীৰ চিপ বুলি কোৱা হয় । ৰছীত মাছে ধৰা নধৰাৰ উমান পাবলৈ পানীত ওপঙিব পৰাকৈ কুঁহিলা, মেটেকা, ইকৰা আদিৰ সৰু টুকুৰা এটা লগাই লোৱা হয় । ইয়াক পুঙা বুলি কোৱা হয় । মাছৰ আঁকাৰ অনুসৰি বৰশীৰ আকাৰ সৰু বা ডাঙৰ হয় । এনেকৈয়ে তৈয়াৰ কৰা হয় এডাল বৰশী ৷
লগতে পঢ়কঃ ভূমি পট্টা লাভৰ সম্ভাৱনাত চূণচালিবাসীৰ মুখত বিৰিঙিছে হাঁহি