ETV Bharat / state

মৰাণত সোমবাৰে ৮৭ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত

author img

By

Published : May 25, 2021, 7:40 AM IST

খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত সোমবাৰে ৮১ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । সোমবাৰলৈকে ক'ভিড ৰোগীৰ সংখ্যা ১,৬৫১ গৰাকীলৈ বৃদ্ধি পাইছে ৷

87 people tested covid Positive at Moran on monday
মৰাণত সোমবাৰে ৮৭ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত

মৰাণ,25 মে’: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত সোমবাৰৰ দিনটোতে ৮১ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৭৮ গৰাকী, চৰাইদেউৰ ২ গৰাকী আৰু নাহৰণি ব্লকৰ এগৰাকী নিবাসী বুলি জানিব পৰা গৈছে ৷

আনহাতে, খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত সোমবাৰলৈকে ক'ভিড ৰোগীৰ সংখ্যা ১,৬৫১ গৰাকীলৈ বৃদ্ধি পাইছে । নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱা সকলৰ ১৬ গৰাকীক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী আৰু মৰাণ চাহ বাগিচাৰ আইচ’লেচন ৱাৰ্ডৰ ক'ভিড চিকিৎসা কেন্দ্ৰত ৰখাৰ বিপৰীতে বাকীসকলক হোম আইচ’লেচনত ৰখা হৈছে ।

চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত সোমবাৰে ৬ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত ৪০৮ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সকলোকে হোম আইচ’লেচনত ৰখা হৈছে ।

উল্লেখ্য যে, দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ২,০৫৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । সম্প্ৰতি মৰাণ অঞ্চলত ১৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।

লগতে পঢ়ক : ক'ভিড নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে সৰৱ বৰহোলা আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.