মৰাণ, 9 মে’ : ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰৰ দিনটোতে ৫১ জন লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ আক্ৰান্ত সকলৰ ৪ জন চৰাইদেউ জিলাৰ আৰু ১ জন বৰবৰুৱা ব্লকৰ বাসিন্দা বুলি জানিব পৰা গৈছে । নতুনকৈ আক্ৰান্ত হোৱা সকলক লৈ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰলৈকে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৭৪০ গৰাকীলৈ বৃদ্ধি পাইছে ।
ইফালে চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত দেওবাৰে ২০ জন লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত এই পৰ্যন্ত সৰ্বমুঠ ১৫৯ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ।
চিকিৎসকসকলে জানিবলৈ দিয়া অনুসৰি, আক্ৰান্ত প্ৰায় সকলকে হোম আইচলেছনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত বৰ্তমানলৈকে সৰ্বমুঠ ৮৯৯ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । আনহাতে বৃহত্তৰ মৰাণ অঞ্চলত দেওবাৰলৈকে মুঠ ৭ জন লোকে ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিব লগা হয় ।
লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?