ETV Bharat / state

নাহৰকটীয়াত নিচাযুক্ত দ্ৰব্যসহ ৪ জন যুৱকক কৰায়ত্ত - নাহৰকটীয়া

নাহৰকটীয়াৰ চাচনীত নিচাযুক্ত দ্ৰব্যসহ ৪ জন যুৱকক কৰায়ত্ত কৰিলে গাঁওৰক্ষী বাহিনীয়ে । হেৰ’ইন আৰু ভাং সহ আটাইকেইজনকে হাতে-লোটে কৰায়ত্ত কৰে । ধৃত যুৱককেইজন ভৃগু চমুৱা, বাবলু দাস, সঞ্জয় খনিকৰ আৰু অজয় বৰুৱা ।

4 boys apprehended with drugs at Naharkatia
নাহৰকটীয়াত নিচাযুক্ত দ্ৰব্যসহ ৪ জন যুৱকক কৰায়ত্ত
author img

By

Published : Aug 11, 2021, 1:46 PM IST

মৰাণ, 11 আগষ্ট : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ড্ৰাগছৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত ৰাখিছে । আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে সেৱনকাৰী । আৰক্ষীৰ অভিযান অব্যাহত থকা পাছতো ড্ৰাগছৰ বেহা অব্যাহত আছে অসমৰ বিভিন্ন স্থানত । ড্ৰাগছ সহজলভ্য কৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে একাংশ অসাধু লোকে ।

মঙলবাৰে নাহৰকটীয়াৰ বিভিন্ন স্থানৰ পৰা ৪ জন ড্ৰাগছ সেৱনকাৰী যুৱকক কৰায়ত্ত কৰা হয় । চাচনী আমগুৰি গাঁওৰক্ষী বাহিনী, দলামূৰী গাঁওৰক্ষী বাহিনী আৰু আমগুৰি মহিলা গাঁওৰক্ষী বাহিনীয়ে হাতে-লোটে কৰায়ত্ব কৰে ড্ৰাগছ সেৱনকাৰীকেইটাক । গাঁওৰক্ষী বাহিনীয়ে জনোৱা মতে, চাচনীৰ আমগুৰি গাঁৱৰ নিবাসী নগা শইকীয়াই বাসগৃহৰ পৰাই বিগত কেইদিনমান দিন ধৰি হেৰ'ইন আৰু ভাঙৰ ৰমৰমীয়া বেহা চলাই আছিল । সেই খবৰ লাভ কৰাৰ পাছতে মঙলবাৰে গাঁওৰক্ষী বাহিনীয়ে অভিযান চলায় ।

নগা শইকীয়াৰ ঘৰত অভিযান চলাই চাচনীৰ ২ নং দলামুৰী গাঁৱৰ ভৃগু চমুৱা, নাহৰকটীয়া জাগুনৰ বাবলু দাস, চাচনী আমগুৰিৰ সঞ্জয় খনিকৰ আৰু নাহৰকটীয়া দীঘলা পথাৰৰ অজয় বৰুৱাক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আনহাতে, আন চাৰিজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় ।

পিছত নাহৰকটীয়া আৰক্ষী আৰু মেৰবিল আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হয় ৷ গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰা যুৱককেইজনৰ পৰা আৰক্ষীয়ে .৫ গ্ৰাম হেৰ'ইন, ৯০ গ্ৰাম ভাং জব্দ কৰে । লগতে তিনিখন বাইক জব্দ কৰে । আৰক্ষীয়ে পলায়নকাৰীসকলৰ চিনাক্ত কৰি অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: তিনিচুকীয়াত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ চাৰি দুৰ্ধর্ষ NSCN কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.