ETV Bharat / state

পূৰ্ৱৰ গৰিমাৰেই গৰিমামণ্ডিত ছল্টব্ৰুক একাডেমী - science stream

ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীত উখল-মাখল পৰিৱেশ ৷ বিজ্ঞান শাখাত তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ স্থান লাভেৰে জিলিকিছে জুনিয়ৰ কলেজখন ৷

সফলতাৰ ধাৰা অক্ষুণ্ণ ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ
author img

By

Published : May 25, 2019, 7:07 PM IST

ডিব্ৰুগড়, 25 মে' : পূৰ্বৰ দৰে এইবেলিও তিনিগৰাকীকৈ কৃৰ্তিমানে ছাত্ৰ-ছাত্ৰীৰ স্থান লাভেৰে পুনৰ উজ্বলিছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বিজ্ঞান শাখাত জুনিয়ৰ কলেজখনৰ দ্বিপ্তদীপ ভট্টাচাৰ্য্যই চতুৰ্থ স্থান, তন্নয়ী হাজৰিকাই ষষ্ঠ স্থান আৰু তিতিক্ষা নাথে দশম স্থান লাভ কৰি কলেজখনলৈ কঢ়িয়াই আনিছে সুনাম ৷ ছাত্ৰ-ছাত্ৰী তিনিগৰাকীৰ সাফল্যত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী উৎফুল্লিত হৈ পৰাৰ লগতে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে কলেজখনত ৷

সফলতাৰ ধাৰা অক্ষুণ্ণ ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ
কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ নিজৰ একাগ্ৰতাৰে অধ্যয়ন কৰি চতুৰ্থ স্থান অৰ্জন কৰা ডিব্ৰুগড়ৰ দ্বিপ্তদীপ ভট্টাচাৰ্যই ফলাফল লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰা লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক-শুভাকাংক্ষীক কৃতজ্ঞতা প্ৰকাশ কৰে । লগতে ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱাৰ আশা পুহি ৰাখিছে দ্বিপ্তদীপে ৷ আনহাতে কলেজখনৰ পৰা ষষ্ঠ স্থান লাভ কৰা নামৰূপৰ তন্নয়ী হাজৰিকাৰো সপোন এগৰাকী সফল চিকিৎসক হোৱা ৷ ষষ্ঠ স্থানপ্ৰাপ্ত তন্নয়ীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত লাভ কৰিছিল দ্বিতীয় স্থান ৷

উল্লেখ্য যে, প্ৰতিষ্ঠা কালৰ পৰা ডিব্ৰুগড়ৰ ছল্টব্ৰুক ব্ৰুক একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে উৰুৱাই আহিছে সাফল্যৰ ধ্বজা আৰু কলেজখনৰ এই সাফল্যৰ আৰৰ ব্যক্তি জনেই হ'ল কলেজখনৰ সঞ্চালক অশ্বীনি দুৱাৰা ।

Dib_Result_Salt_broak_Rank 3_student_jesim

সাফল্যৰ ধাৰা অব্যাহত ৰাখি ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমী পৰা পুনৰ তিনিজনকৈ কৃৰ্তিমানে ৰাজ্যৰ ভিতৰতে স্থান দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ দ্বিপ্তদীপ ভট্টাচাৰ্য্যই চতুৰ্থ স্থান, তন্নয়ী হাজৰিকাই ষষ্ঠ স্থান আৰু তিতিক্ষা নাথে দশম স্থান দখল কৰিবলৈ সক্ষম হয়।
কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ নিজৰ একাগ্ৰতাৰে অধ্যয়ন কৰি সফলতা অৰ্জন কৰা ডিব্ৰুগড়ৰ গান্ধী নগৰত বসবাস কৰা দ্বিপ্তদীপ ভট্টাচাৰ্যই  এনে ফলাফল লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰা লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক-শুভাকাংক্ষীক কৃতজ্ঞতা প্ৰকাশ কৰে।ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱাৰ আশা পুহি ৰখা দ্বিপ্তদীপ পঢ়াৰ লগতে অন্যান্য দিশটো পাৰদৰ্শিতা আছে।হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ ১২নম্বৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল যদিও এইবাৰ লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰে।
Byte:-দ্বিপ্তদীপ ভট্টাচাৰ্য্য।(4th rank)

আনহাতে নামৰূপৰ তন্নয়ী হাজৰিকাই ডিব্ৰুগড়ৰ এটা ব্যক্তিগত ছাত্ৰী নিৰ্বাসত থাকি ডিব্ৰুগড় ছল্টব্ৰুক একাডেমী পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰে।ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা তন্নয়ীয়ে স্থান লাভৰ আশা কৰিছিল যদিও আৰু ভাল ফলাফল আশা কৰিছিল।নিজৰ একাগ্ৰতাৰে অধ্যয়ন কৰি এনে ফলাফল লাভ কৰি পিতৃ-মাতৃ শিক্ষাগুৰুলৈ কৃতজ্ঞতা প্ৰকাশ কৰে।তন্নয়ীৰ পিতৃ হিৰণ্য হাজৰিকা নামৰূপ BVFCL হাইস্কুলৰ অধ্যক্ষ,আৰু মাতৃ বন্তী গগৈ হাজৰিকা শিক্ষয়িত্ৰী।তন্নয়ীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল।আনহাতে তন্নয়ীৰ জেষ্ঠ ভাতৃ কৌশিক ৰঞ্জন হাজৰিকাই ডিব্ৰুগড় ছল্টব্ৰুক একাডেমী পৰা ২০১৫বৰ্ষত বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিছিল।

Byte:-তন্নয়ী হাজৰিকা।(6th position)

গৌৰীসাগৰৰ তিতিক্ষা(TITIKHYA) নাথে  ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ এটা ব্যক্তিগত হোষ্টেলত থাকি অধ্যয়ন কৰি  ৰাজ্যৰ ভিতৰতে দশম স্থান দখল কৰে।

Byte:তিতিক্ষা নাথ।(10th position)

আনহাতে প্ৰতিষ্ঠা কালৰে পৰা ১৯৯৯চনৰে পৰা ডিব্ৰুগড় ছল্টব্ৰুক ব্ৰুক একাডেমীয়ে নিজৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখি প্ৰতি বছৰেই ৰাজ্যৰ শীৰ্ষস্থান দখল কৰি মানৱ সম্পদ গঢ় দিয়াত শিক্ষাৰ জগত খনত অৰিহণা যোগাই আহিছে।ইয়াৰ আৰৰ ব্যক্তি জনেই হ'ল সঞ্চালক অশ্বীনি দুৱাৰা।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.