মৰাণ, 7 জানুৱাৰী : মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন । আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বোলছবি পৰিচালক জাহ্নু বৰুৱাই উত্তোলন কৰিলে পতাকা । ইয়াৰ পাচতেই শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে ৰাইজৰ দলৰ নেত-কৰ্মী সকলে ৷ ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে জন্মলাভ কৰা 'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন পতাকা উত্তোলনৰ পাচতে তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অভিৱৰ্তনখন ।
ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা এই অভিৱৰ্তনৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিৰ লগতে আহ্বায়ক সকল আহি উপস্থিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ৰাইজে ইয়াত অংশ লৈ অভিৱৰ্তন সফল কৰি তুলিব বুলি ৰাইজৰ দলৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক : জামিন নাপালে অখিল গগৈয়ে