ETV Bharat / state

সৰ্ব্বাধিক চাহপাত চিঙা 18 গৰাকী মহিলা শ্ৰমিকক দিয়া হ'ল পুৰষ্কাৰ - মহিলা শ্ৰমিকক দিয়া হ'ল পুৰষ্কাৰ

মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত চেপন চাহ বাগিচাৰ কৰমা ভৱনত সোমবাৰে অনুষ্ঠিত হয় চাহ মৰ্চাৰ কাৰ্য্যকৰ্তা সন্মিলন ৷ সভাত 18 খন চাহ বাগিচাৰ আটাইতকৈ সৰ্ব্বাধিক চাহপাত চিঙা 18 গৰাকী মহিলা শ্ৰমিকক প্ৰথমবাৰৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয় ৷

18-women-workers-awarded-at-moran-tea-state
18 গৰাকী মহিলা শ্ৰমিকক দিয়া হ'ল পুৰষ্কাৰ
author img

By

Published : Dec 15, 2020, 9:47 PM IST

মৰাণ, 15 ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত চেপন চাহ বাগিচাৰ কৰমা ভৱনত সোমবাৰে অনুষ্ঠিত হয় চাহ মৰ্চাৰ কাৰ্য্যকৰ্তা সন্মিলন ৷ এই উপলক্ষে সভাত মৰাণ সমষ্টিৰ অন্তৰ্গত 18 খন চাহ বাগিচাৰ আটাইতকৈ সৰ্ব্বাধিক চাহপাত চিঙা 18 গৰাকী মহিলা শ্ৰমিকক প্ৰথমবাৰৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয় ৷

চাহ শ্ৰমিক সকলক উৎসাহ দিয়াৰ উদ্দেশ্যে দিয়া এই পুৰস্কাৰত আছিল এখন মান প্ৰত্ৰ, ফুলাম গামোছা আৰু সঁফুৰা । মহিলা শ্ৰমিকক প্ৰথমবাৰৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰিলে বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সভাপতিৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে।

উল্লেখ্য যে, শ্ৰমিক সকলক সাহস দিয়াৰ উদ্দেশ্যে প্ৰতিবছৰে এই কৰ্ম উদ্যমী শ্ৰমিক সকলক পুৰষ্কিত কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোগতা সকলে ৷

লগতে পঢ়ক:বৰদিনক লৈ উখল-মাখল পৰিৱেশ মহানগৰীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.