ETV Bharat / state

ডিব্ৰুগড়ত যাত্ৰীৰ বাবে ১৫ খন বাছ মুকলি প্ৰশাসনৰ - বিধায়ক প্ৰশান্ত ফুকন

ডিব্ৰুগড় জিলা পৰিবহন নিগমে জিলা খনত আবদ্ধ লোকসকলৰ বাবে ১৫ খন বাছ মুকলি কৰিছে ৷ জিলাখনৰ পৰা ধেমাজি,লখিমপুৰ,তিনিচুকীয়া আৰু শিৱসাগৰলৈ যোৱাৰ ব্যৱস্থা কৰে চৰকাৰ প্ৰশাসনে । ইতিমধ্যে সকলো যাত্ৰীকেই স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷

ETV BHARAT
ডিব্ৰুগড়ত যাত্ৰীৰ বাবে ১৫ খন বাছ মুকলি প্ৰশাসনৰ
author img

By

Published : Apr 26, 2020, 1:27 PM IST

ডিব্ৰুগড়, 26 এপ্ৰিলঃ ডিব্ৰুগড়ৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত প্ৰশাসনে জিলাখনত আবদ্ধ হৈ থকা লোকৰ বাবে 15 খন বাছ মুকলি কৰে ৷ পৰিবহন নিগমৰ বাছ আস্থানত দেওবাৰে পুৱাতেই উপস্থিত হয় বিধায়ক প্ৰশান্ত ফুকন ৷

ডিব্ৰুগড়ত যাত্ৰীৰ বাবে ১৫ খন বাছ মুকলি প্ৰশাসনৰ

ডিব্ৰুগড়ৰ অসম ৰাজ্যিক বাছ আস্থানত হাতত বটল লৈ দেওবাৰে পুৱাতেই উপস্থিত হয় বিধায়ক প্ৰশান্ত ফুকন। লক ডাউনৰ ফলত বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলক চৰকাৰে এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ বাবে ব্যৱস্থা হাতত লয় ৷ ইতিমধ্যে চৰকাৰ প্ৰশাসন,স্বাস্থ্য বিভাগৰ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমে শনিবাৰৰ পৰা তিনিদিন ASTC বাছ সেৱা মুকলি কৰিছে ৷ ডিব্ৰুগড়ৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানতো এই ব্যৱস্থা কৰিছে চৰকাৰ-প্ৰশাসনে ৷ এই কাৰ্যসুচীত বিধায়ক প্ৰশান্ত ফুকনে হাতত পানীৰ বটল লৈ উপস্থিত হৈ যাত্ৰীসকলক একোটাকৈ পানীৰ বটল দিয়ে । জিলাখনৰ 355 জন লোকলৈ ব্যক্তিগত ফালৰ পৰা পানী বটল যোগান ধৰে বিধায়ক জনে ৷

আনহাতে, দীৰ্ঘদিনে জিলা খনত লক ডাউনৰ ফলত আবদ্ধ হৈ থকা লোক সকল নিজ ঘৰলৈ ওভতি যাবলৈ জিলা পৰিবহন আস্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ডিব্ৰুগড় জিলাৰ পৰা পৰিবহন নিগমে প্ৰথম দিনটো ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু শিৱসাগৰলৈ যোৱাৰ বাবে মুকলি কৰিছে বাছ সেৱা । এই কাৰ্যসূচীত বিধায়ক প্ৰশান্ত ফুকন,জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা,আৰক্ষী অধীক্ষক শ্ৰী জিৎ ট্ৰী, উপস্থিত থাকে ৷ আনহাতে, সকলো যাত্ৰীকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মাক্স পিন্ধা আৰু সামাজিক দুৰত্ব বজাই ৰাখি যাত্ৰা কৰিবলৈ দিয়াৰ লগতে সকলো বাচ চেনিটাইজাৰ কৰে প্ৰশাসনে । আবদ্ধ লোকসকলক তিনি দিনৰ ভিতৰত নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে জিলা উপায়ুক্তই গৰাকীয়ে ৷

লগতে পঢ়ক- বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ হাতলৈ যাব নেকি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.