ETV Bharat / state

মৰাণত মঙলবাৰে 107 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

মৰাণত মঙলবাৰৰ দিনটোত 107 গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত ৷ আক্ৰান্তসকলৰ অধিকাংশক হোম আইচ’লেশ্যনত ৰখা বুলি চিকিৎসকে সদৰি কৰে ৷

covid positive at moran
মৰাণত কৰ’ণাত আক্ৰান্ত
author img

By

Published : May 12, 2021, 7:11 AM IST

মৰাণ, 12 মে’: মঙলবাৰৰ দিনটোত ডিব্ৰুগড়ৰ মৰাণত কৰ’ণাত আক্ৰান্ত হৈছে 107 গৰাকীকৈ লোক ৷ উল্লেখ্য যে, খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰত 103 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ’ণাৰ অৱস্থিতি ৷

ইয়াৰ ভিতৰত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 95 গৰাকী, চৰাইদেউ জিলাত 4 গৰাকী, শিৱসাগৰ জিলাত এগৰাকী, কুটুহাৰত দুগৰাকী আৰু নাহৰণি ব্লকত এগৰাকী আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত মুঠ 917 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷

ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত মঙলবাৰে 4 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে । সম্প্ৰতি পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত মুঠ 178 জন লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷

চিকিৎসকে জনোৱা মতে, আক্ৰান্তসকলৰ অধিকাংশক হোম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত কৰ’ণাত আক্ৰান্ত হৈছে সৰ্বমুঠ 1,095 গৰাকী লোক । বৃহত্তৰ মৰাণ অঞ্চলত বৰ্তমানলৈকে মুঠ 9 গৰাকী লোকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হৈছে ৷

লগতে পঢ়ক : তিনিচুকীয়াত চুৰি কাৰ্যত জড়িত ৩ মহিলা কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.