ETV Bharat / state

সাংবাদিক নিগ্ৰহঃ ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল - CBI ৰ তদন্ত

ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে সোমবাৰে ধুবুৰীত জিলা যুৱ কংগ্ৰেছে তৰফৰ পৰা সংবাদমেলৰ আয়োজন কৰা হয় । ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদ মেলখনত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত চলি থকা গৰু ছিণ্ডিকেট সন্দৰ্ভত বিভিন্ন মন্তব্য প্ৰদান কৰাৰ লগতে অনতিপলমে এই সমূহ ছিণ্ডিকেট বন্ধ কৰাৰ দাবী উখাপন কৰে ৷ লগতে,ছিণ্ডিকেট বন্ধৰ শ্ল'গান লৈ দিছপুৰ দখল কৰা বিজেপি চৰকাৰ খনক তুলাধুনা দিয়ে ধুবুৰী জিলা কংগ্ৰেছে ৷

YOUTH CONGRESS PRESS MEET AT DUBURI
সাংবাদিক নিগ্ৰহঃ ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Jul 20, 2020, 6:22 PM IST

ধুবুৰী,20 জুলাই : ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে সোমবাৰে ধুবুৰীত জিলা যুৱ কংগ্ৰেছে তৰফৰ পৰা সংবাদমেলৰ আয়োজন কৰা হয় । সাংবাদিক নিগ্ৰহৰ ঘটনা আৰু চলি থকা ছিণ্ডিকেটক লৈ আয়োজন কৰা সংবাদমেলত চৰকাৰ তথা প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলা যুৱ কংগ্ৰেছে ।

সাংবাদিক নিগ্ৰহঃ ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল

ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদ মেলখনত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত চলি থকা গৰু ছিণ্ডিকেট সন্দৰ্ভত বিভিন্ন মন্তব্য প্ৰদান কৰাৰ লগতে অনতিপলমে এই সমূহ ছিণ্ডিকেট বন্ধ কৰাৰ দাবী উখাপন কৰে ৷ লগতে,ছিণ্ডিকেট বন্ধৰ শ্ল'গান লৈ দিছপুৰ দখল কৰা বিজেপি চৰকাৰ খনক তুলাধুনা দিয়ে ধুবুৰী জিলা কংগ্ৰেছে ৷

আনহাতে,ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ প্ৰসংগত মন্তব্য প্ৰদান কৰি সংবাদমেলত কয় যে,উক্ত ঘটনা সন্দৰ্ভত কেৱল জিলা আৰক্ষী অধীক্ষক আৰু বন বিষয়াক বদলি কৰিলেই নহ'ব । চাকৰিৰ পৰা নিলম্বন কৰি শাস্তি বিহাৰ উপৰিও উক্ত ঘটনা সন্দৰ্ভত CBIৰ তদন্তৰ দাবী উখাপন কৰিছে জিলা যুৱ কংগ্ৰেছে । লগতে,সাংবাদিক ৰাজীৱ শৰ্মাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ৷

ইফালে,বৰ্তমানেও ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচাৰ জিলাত গৰু ছিণ্ডিকেট চলি থকা বুলি জিলা কংগ্ৰেছে সংবাদমেলত অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : সাংবাদিক ৰাজীৱ শৰ্মাঃ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.