গোলকগঞ্জ,7 মে’ঃ ভাৰতৰ বিভিন্ন ৰাজ্যত লক্ ডাউনৰ বাবে আৱদ্ধ লোকসকলক ইতিমধ্যে প্ৰতিখন ৰাজ্যৰ চৰকাৰে ওভোটাই নিয়া প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশৰ ভিত্তিত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া ৷ অৰুণাচলত আৱদ্ধ ৪২ জনীয়া পশ্চিমবংগৰ শ্ৰমিকৰ দল এটা বিগত ৩ মে’ত প্ৰদেশখনৰ পৰা যাত্ৰাৰম্ভ কৰি অসমৰ মাজেৰে গৈ অসম-বংগ সীমান্তত উপস্থিত হয় । বুধবাৰে ছাগলীয়াত উপস্থিত হোৱা দলটোক পশ্চিমবংগত প্ৰৱেশত বাধা প্ৰদান কৰে বংগ প্ৰশাসনে ৷ ফলত দলটোৱে অনাহাৰে সময় পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
লগতে চাওকঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক প্ৰাণে মৰাৰ ভাবুকি !