ETV Bharat / state

Wazed Ali Choudhury on Badruddin Ajmal; বদৰুদ্দিন আজমল মানসিক বিকাৰগ্ৰস্ত ব্যক্তি : ৱাজেদ আলী চৌধুৰী - বদৰুদ্দিন আজমলে পুনৰ বিতৰ্কিত মন্তব্য প্ৰদান

বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ পিচতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বদৰুদ্দিন আজমলক মানসিক বিকাৰগ্ৰস্ত ব্যক্তি আখ্যা ৱাজেদ আলী চৌধুৰীৰ ৷ লগতে আগন্তুক নিৰ্বাচনত অসমৰ চৈধ্যখনৰ ভিতৰত আঠখন আসনে কংগ্ৰেছে পাব বুলি মন্তব্য কৰে ৱাজেদ আলী চৌধুৰীয়ে ৷

Wazed Ali Choudhury criticized Badruddin Ajmal in Dhubri
সাংসদ আজমলক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীৰ
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:27 AM IST

Updated : Nov 4, 2023, 9:14 AM IST

সাংসদ আজমলক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীৰ

ধুবুৰী, 4 নৱেম্বৰ : ‘‘তেওঁ বৰ্তমান মানসিক বিকাৰগ্ৰস্ত ৰোগীৰ দৰে হৈছে । ইণ্ডিয়া মিত্ৰজোঁটত চামিল হ’ব নোৱাৰি এতিয়া তেওঁ আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ।’’ বৰপেটাৰ বাঘবৰৰ এখন জনসভাত মুছলমানসকলক লৈ বদৰুদ্দিন আজমলে পুনৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ এই মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুছলমানসকলক লৈ বদৰুদ্দিন আজমলে পুনৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল ৷ বদৰুদ্দিন আজমলে কৰা সেই মন্তব্যৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ AIUDF প্ৰধান বদৰুদ্দিন আজমলক কটাক্ষ কৰি শুকুৰবাৰে ধুবুৰীত কেতবোৰ মন্তব্য প্ৰদান কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ।

তেওঁ কয়, ‘‘আজমলৰ সৈতে মুখ্যমন্ত্ৰীৰ এক গোপন ৰাজনৈতিক সম্পৰ্ক আছে ৷ আজমলে আজি কি মন্তব্য কৰিব সেই কথা আগদিনা মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে । অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কথা মতেই আজমলে এনে বিতৰ্কিত মন্তব্য প্ৰদান কৰি আহিছে’’ ৷

আনহাতে, ৰাহুল গান্ধীৰ নেতৃত্বত গঠন হোৱা ইণ্ডিয়া গোট বন্ধনত সোমাব নোৱাৰি আজমলে ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ যাৰ ফলতে এনে বিতৰ্কিত মন্তব্য প্ৰদান কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে । এইবোৰৰ উপৰিও পিঁয়াজৰ মূল্যবৃদ্ধি সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ।

তেওঁ কয়, ‘‘কৃত্ৰিম নাটনি দেখুৱাই বৃদ্ধি কৰা হৈছে পিঁয়াজৰ মূল্য । পিঁয়াজৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ধৰণে কৰিব পৰা নাই’’ । তেওঁ আৰু কয়, ‘‘অকল গুৱাহাটীৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ অসমতে পিঁয়াজ যোগান ধৰাৰ ব্যৱস্থা কৰক’’ ৷

কংগ্ৰেছ চৰকাৰৰ দিনত এসময়ত পিঁয়াজৰ মালা লৈ আন্দোলন কৰাসকলে এতিয়া লাজ পাইছে বুলিও বিজেপিক কটাক্ষ কৰে ৱাজেদ আলী চৌধুৰীয়ে । ইপিনে ধুবুৰী লোকসভা সমষ্টিৰ লগতে অসমৰ চৈধ্যখন আসনৰ ভিতৰত কংগ্ৰেছে কমেও আঠখন আসন লাভ কৰিব বুলিও ভৱিষ্যৎবাণী কৰে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ।

উল্লেখ্য যে, শুকুবাৰে ধুবুৰীৰ বিৰসিং জৰুৱা ব্লকত আয়োজন কৰা হয় হিতাধিকাৰীৰ মাজত টিউবল বিতৰণ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশ লৈ কৰি সাংবাদিকৰ প্ৰশ্নোত্তৰত বিজেপি চৰকাৰ, বিজেপি দল আৰু আজমলক আক্ৰমণৰ লক্ষ্য কৰি লয় জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ।

লগতে পঢ়ক : AGP in Lok Sabha Election: অগপৰ মন ভাল লগালে ভৱেশ কলিতাই; এখন আসনত হ’লেও জিকাব অগপক

Last Updated : Nov 4, 2023, 9:14 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.