ETV Bharat / state

Burmese Supari Seized: ধুবুৰীত বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ - ধুবুৰীত চুপাৰিৰ ছিণ্ডিকেট

ৰাজ্যত এতিয়াও অব্যাহত আছে চুপাৰিৰ ছিণ্ডিকেট ৷ বুধবাৰে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে জব্দ কৰে চুপাৰিভৰ্তি এখন ট্ৰাক(Burmese Supari seized in Dhubri) ।

supari_truck_sized
ধুবুৰীত বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Dec 22, 2021, 7:04 PM IST

ধুবুৰী, 22 ডিচেম্বৰ: আৰক্ষী-প্ৰশাসনৰ কঠোৰতাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্যত অব্যাহত আছে নিষিদ্ধ সামগ্ৰীৰ চোৰাং বেহা ৷ প্ৰায় প্ৰতিদিনেই আৰক্ষীয়ে নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই অহাৰ মাজতেই একাংশ অসাধু ব্যৱসায়ীয়ে চলাই নিছে গো-ধন, ড্ৰাগছৰ লগতে চুপাৰিৰ চোৰাং বেহা ৷ বিভিন্ন সময়ত এনে ব্যৱসায়ৰ লগত জড়িত বহু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও সম্পূৰ্ণৰূপে নিৰ্মূল কৰাত ব্যৰ্থ হৈছে আৰক্ষী ৷

লগতে পঢ়ক: ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰ: বিপ্লৱ দেৱ

ৰাজ্যত এতিয়াও একাংশই অব্যাহত ৰাখিছে গৰু, কয়লা, শিল-বালি আৰু চুপাৰিৰ ছিণ্ডিকেট (Supari Syndicate) । তাৰ উদাহৰণস্বৰূপে মঙলবাৰে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত এখন চুপাৰিভৰ্তি ট্ৰাক জব্দ কৰা হয় । ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সাহাদাত আলীৰ নেতৃত্বত ছাগলীয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS-১৭ B-৯৮০১ নম্বৰৰ ট্ৰাকখন জব্দ কৰে ছাগলীয়া আৰক্ষীয়ে ।

ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হয় চোৰাংভাৱে সৰৱৰাহ কৰা ২৩,০৩০ কিল’গ্ৰাম ওজনৰ ৩২৯ বস্তা বাৰ্মিজ চুপাৰি (Burmese Supari seized in Dhubri)৷ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৭০ লক্ষ্যাধিক টকা হ’ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: Arms smuggler arrested in Nagaon: ডকাইতৰ বাবে অস্ত্ৰ সৰবৰাহ কৰি আৰক্ষীৰ জালত দুই যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.