পূৱ বিলাসীপাৰা,11 এপ্ৰিল : চাপৰৰ কাজিপাৰা এল.পি স্কুল প্ৰাংগণত বিগত 6 এপ্ৰিলত পথ দুৰ্ঘটনাত নিহত হোৱা প’লিং বিষয়া তথা চাপৰ-শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত বৰঘোলা-খাচিঘোলা এল.পি স্কুলৰ শিক্ষক দেৱজিৎ চৌধুৰীৰ আত্মাৰ সদগতিৰ কামনাৰ্থে শনিবাৰে অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ সদৌ অসম চৰকাৰী এপিএছ কৰ্মচাৰী সংস্থা আৰু চাপৰ চক্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আয়োজন কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷
উল্লেখ্য যে, বিলাসীপাৰা মহকুমাত নিজৰ নিৰ্বাচনী কাম সমাপ্ত কৰি বিজনীস্থিত বাসগৃহলৈ গৈ থকা অৱস্থাতে বঙাইগাঁও জিলাৰ হাপাছাৰাত পথ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল শিক্ষক গৰাকীয়ে ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত দেৱজিৎ চৌধুৰীৰ পৰিয়ালে পাবলগীয়া খিনি বহন কৰিবলৈ নিৰ্বাচনী আয়োগ তথা অসম চৰকাৰক আহ্বান জনায় সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা আৰু চাপৰ চক্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷
লগতে পঢ়ক : শিৱসাগৰ কাৰাগাৰত ফেন প্ৰদান