ETV Bharat / state

অৱশেষত গ্ৰেপ্তাৰ হ'ল MGNREGA দুই দুৰ্নীতিগ্ৰস্ত অভিযন্তা

ধুবুৰী জিলাত MGNREGA আঁচনিৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল পলাতক অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লা । গৌৰীপুৰ উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন বিধায়ক জাহান উদ্দিনে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক তথ্য সহকাৰে অভিযোগ দাখিল কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে ।

author img

By

Published : Aug 27, 2021, 4:38 PM IST

Tow Engineer arrested in connection with MGNREGA scam At Dhubri
অৱশেষত গ্ৰেপ্তাৰ হ'ল MGNREGA দুই দুৰ্নীতিগ্ৰস্ত অভিযন্তা

ধুবুৰী, ২৭ আগষ্ট: অৱশেষত ধুবুৰী আৰক্ষীৰ জালত পৰিল প্ৰায় ডেৰ মাহ ধৰি পলাতক হৈ থকা অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লা । আৰক্ষীয়ে পশ্চিমবংগৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে । শেহতীয়াকৈ, ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত চলি থকা MGNREGA আঁচনিৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । প্ৰাক্তন বিধায়ক জাহান উদ্দিনে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছিল ।

দৰাচলতে, জিলাখনৰ গৌৰীপুৰ উন্নয়ন খণ্ডত চৰকাৰী নথি-পত্ৰত আঁচনিৰ কাম সঠিকভাৱে হোৱা দেখুওৱা হৈছে যদিও প্ৰকৃততে আঁচনি ৰূপয়ণৰ নামত দুৰ্নীতি সংঘটিত হৈছে । খোদ বিভাগটোৰ অভিযন্তা এই দুৰ্নীতিৰে জড়িত হৈ আছে । এই অভিযোগ তুলিছিল প্ৰাক্তন বিধায়ক জাহান উদ্দিনে । তেওঁ এই সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক তথ্য সহকাৰে অভিযোগ দাখিল কৰে ।

গৌৰীপুৰ উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত আঁচনি ৰূপায়ণত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে । অভিযন্তা আৰু ভেণ্ডৰে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

অভিযন্তা ক্ৰমে ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লাৰ লগতে গৌৰীপুৰৰ মধুশৌলমাৰীৰ 'জাহিদুল এন্টাৰপ্ৰাইজ' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী তথা ভেণ্ডৰ জাহিদুল হক এই দুৰ্নীতিত লিপ্ত থকা বুলি অভিযোগ উত্থাপন কৰা হৈছিল । প্ৰায় ৫২.৭২ লাখ টকাৰ আঁচনি ৰূপায়ণত দুৰ্নীতি কৰাৰ উপৰিও আঁচনিৰ নাম ফলকৰ বাবে ১০ লাখ টকা আত্মসাৎ কৰা বুলিও জিলা প্ৰশাসনৰ তদন্তত স্পষ্ট হৈ পৰিছিল । তাৰ পিছতেই বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা ধুবুৰী সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল । গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া আৰু ভেণ্ডৰ জাহিদুল হকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল ।

কিন্তু অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লাই সেই সময়ৰ পৰাই পলাতক হৈ আছিল । অৱশেষত প্ৰায় ডেৰ মাহৰ অন্তত ধুবুৰী আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । শুকুৰবাৰে দুয়োকে ধুবুৰী আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিবলৈ দিছে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জিৰাণী শৰ্মাই ।

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.