ETV Bharat / state

বিটিএডিত উদ্ধাৰ বাঘৰ মৃতদেহ - BTAD area

বিটিএডিৰ সাৰেশ্বৰ বনাঞ্চলত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ । বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সৎকাৰ কৰে বন বিভাগে । বাঘটোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে ৷

BTAD
বিটিএডিত উদ্ধাৰ বাঘৰ মৃতদেহ
author img

By

Published : Apr 8, 2020, 11:27 PM IST

ধুবুৰী, ৮ এপ্ৰিলঃ বিটিএডিৰ অন্তৰ্গত ৰূপচী সাৰেশ্বৰ বনাঞ্চলত বুধবাৰে উদ্ধাৰ হয় এটা নাহৰফুটুকী বাঘৰ মৃতদেহ । সাৰেশ্বৰৰ ৰজা নামেৰে পৰিচিত বাঘটোৰ মৃতদেহ স্থানীয় একাংশ ৰাইজে প্ৰথমে প্ৰত্যক্ষ কৰাৰ পাচতেই বন বিভাগক খবৰ দিয়ে । পাচত বন বিভাগ আৰু পশু চিকিৎসা বিভাগৰ এটি সঁজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সৎকাৰ কৰে ।

tiger deadbody found

বন বিভাগ আৰু পশু চিকিৎসকে জানিবলৈ দিয়া অনুসৰি সাৰেশ্বৰ বনাঞ্চলৰ ৰজা নামৰ বাঘটোৱে আন বাঘৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হৈছিল । ইয়াৰ ফলত প্ৰাণ হেৰুৱাইছিল বাঘটোৱে । উল্লেখ্য যে, বাঘটোৰ মৃত্যুত প্ৰকৃতিপ্ৰেমীয়ে শোক প্ৰকাশ কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.