দক্ষিণ বিলাসীপাৰা, 4 মে' : এটি তিনিমহীয়া শিশুৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ধুবুৰী জিলাৰ চাপৰৰ সত্যপুৰ অঞ্চল ৷ সত্যপুৰ পালপাৰাৰ স্বপন নমঃদাস আৰু মহেশ্বৰী নমঃদাস নামৰ স্বামী-স্ত্ৰীহালৰ একমাত্ৰ কন্যা শিশুটিয়ে অস্বাভাৱিকভাৱে মৃত্যুক সাৱটিব লগীয়া হৈছে ৷ শিশুটিৰ মৃত্যুৰ বাবে পৰিয়াল তথা স্থানীয় লোকে একাংশ চিকিৎসক আৰু চিকিৎসালয়ক জগৰীয়া কৰিছে ৷
জানিব পৰা মতে, পেটৰ অসুখত ভোগা শিশুটিক প্ৰথমে চাপৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত শিশুটিক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে ৷ নমঃদাস দম্পতীয়ে শিশুটিক লৈ বঙাইগাঁৱৰ নাৰ্চিং হোম সমূহৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিলে যদিও কোনো এখন চিকিৎসালয়তে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল তেওঁলোকক ৷
অৱশেষত শিশুটিক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটি মৃত ঘোষণা কৰে ৷ চিকিৎসা অবিহনেই শিশুটিয়ে মৃত্যুক সাৱটিব লগা হোৱা ঘটনাত মৰ্মাহত হৈছে পৰিয়ালৰ লগতে অঞ্চলটোৰ লোক ৷
লগতে পঢ়ক : লকডাউন : অসমলৈ উভতিছে অৰুণাচলত আৱদ্ধ বহু ব্যক্তি