ETV Bharat / state

Forest Officers Arrested For Taking Bribes: ধুবুৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ বন বিষয়াসহ দুই বন পালক - মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখা

ধুবুৰী বন বিভাগৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । উৎকোচ লোৱাৰ অভিযাগত গ্ৰেপ্তাৰ বন বিষয়া বিনোধ কুমাৰ পায়েঙসহ বন পালক ক্ৰমে জিয়াউল ইছলাম, সাহাবাজ চুলতান । অবৈধ বালিৰ ট্ৰাক মুকলি কৰি দিয়াৰ নামত ২০ হাজাৰ টকা উৎকোচ লোৱা সময়তে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে আটক কৰে দুই বন পালকক ।

Forest Officers Arrested For Taking Bribes
ধুবুৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ বন বিষয়াসহ দুই বন পালক
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:40 PM IST

ধুবুৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ বন বিষয়াসহ দুই বন পালক

ধুবুৰী, ২৮ ছেপ্টেম্বৰ: ধুবুৰী বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ দল এটাই অভিযান চলাই বন সংমণ্ডল বিষয়াসহ দুই বন পালকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ২০ হাজাৰ টকা উৎকোচ লৈ আজি হাত দাঙিলে ধুবুৰী বন সংমণ্ডল বিষয়া বিনোদ কুমাৰ পায়েঙৰ লগতে দুই বন পালক-১ ক্ৰমে জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতানে ।

Forest Officers Arrested For Taking Bribes
ধুবুৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ বন বিষয়াসহ দুই বন পালক

অভিযোগ অনুসৰি ধুবুৰী বন বিভাগে কেইদিনমান পূৰ্বে এখন অবৈধ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰে । উক্ত ট্ৰাকখন মুকলি কৰি দিয়াৰ নামত ধন দাবী কৰা হৈছিল ধুবুৰী বন বিভাগৰ ফালৰ পৰা । দাবী কৰা ধনৰ ২০ হাজাৰ টকা আজি আদায় দিবলৈ অভিযোগকাৰী উপস্থিত হয় ধুবুৰী বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত । ধুবুৰী বন সংমণ্ডল বিষয়া বিনোদ কুমাৰ পায়েঙে নিজে উৎকোচ গ্ৰহণ নকৰি বন পালক জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতানক উৎকোচৰ ধনখিনি ল’বলৈ নিৰ্দেশনা দিয়ে ।

ধুবুৰী বন সংমণ্ডল বিষয়া বিনোদ কুমাৰ পায়েঙৰ নিৰ্দেশমৰ্মে দুই বন পালকৰ এজনক ১৫ হাজাৰ আৰু আনজনক ৫ হাজাৰ টকা উৎকোচ আদায় দিয়ে এজন অভিযোগকাৰীয়ে । লগে লগে মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটাৰ বৃহৎ দল কাৰ্যালয়টোত উপস্থিত হৈ অভিযান চলাই বন বিষয়া বিনোদ কুমাৰ পায়েং আৰু দুই বন পালক ক্ৰমে জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতানক হাতে লোটে গ্ৰেপ্তাৰ কৰে । ইফালে আন এগৰাকী বন পালকক বিচাৰি অভিযানকাৰী দলটোৱে ভিন্ন স্থানত অভিযান চলাইছে বুলিও জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই সমান্তৰালভাৱে বন সংমণ্ডল বিষয়া বিনোদ কুমাৰ পায়েঙৰ চৰকাৰী আৱাসগৃহৰ লগতে আৰু দুই বন পালকৰ বাসগৃহতো অভিযান চলায় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ধুবুৰী বন বিভাগৰ বিৰুদ্ধে বিভিন্ন সময়ত চোৰাং কাঠ, শিল-বালি আদিৰ চোৰাং কাৰবাৰৰ বৃহৎ ছিণ্ডিকেট চলি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । কেইদিনমান পূৰ্বে এনে ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত এগৰাকী ৰেঞ্জাৰক শাস্তিমূলক বদলি কৰা হৈছিল ।

ইয়াৰ পাচত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই সাপটগ্ৰামৰ এজন ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই জিলাখনৰ বন সংমণ্ডল বিষয়া বিনোদ কুমাৰ পায়েঙৰ নেতৃত্বত অবৈধভাৱে ধন ঘটা আৰু ছিণ্ডিকেট অব্যাহত থকাৰ এক অভিযোগ পাইছিল । সেই অভিযোগৰ ভিত্তিতেই আজি অভিযান চলাই বিষয়া সহ তিনিওকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ।আনহাতে বিনোদ কুমাৰ পায়েঙৰ চৰকাৰী আৱাসগৃহসহ ভিন্নজনৰ বাসগৃহত টকা বিচাৰি অভিযানকাৰী দলটোৱে অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈকে কিমান টকা উদ্ধাৰ হৈছে সেই তথ্য স্পষ্ট হোৱা নাই । অৱশ্যে বিষয়াজনৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি তদন্তকাৰী দলে সম্ভাৱনা ব্যক্ত কৰিছে ।

লগতে পঢ়ক: Assistant Branch Manager arrested: গ্ৰাহকৰ ধন হৰলুকি কৰি আৰক্ষীৰ জালত এক্সিছ বেংকৰ সহকাৰী শাখা প্ৰবন্ধক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.