ETV Bharat / state

এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Dec 1, 2019, 11:30 AM IST

Updated : Dec 1, 2019, 12:18 PM IST

লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰী জিলাত ৷ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷

লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ
ভূক্তভোগী ৰাইজ

ধুবুৰী, 1 ডিচেম্বৰঃ লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ধুবুৰী জিলাত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ দেশৰ সপ্তম অৰ্থনৈতিক লোকপিয়লৰ জৰীপৰ বাবে কেন্দ্ৰীয় চৰকাৰে চি এছ চি নামৰ ই-গভাৰ্নেন্স কোম্পানী এটাক দায়িত্ব প্ৰদান কৰিছিল ৷ ইয়াৰ পাচতে কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ ২০১৯ চনৰ অৰ্থনৈতিক লোকপিয়ল জৰীপৰ কাম আৰম্ভ কৰিছিল ৷

লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ
ভূক্তভোগী ৰাইজ
ভূক্তভোগী ৰাইজ
লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ
তিনি অভিযুক্তক গ্ৰেপ্তাৰ
এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ

অভিযোগ অনুসৰি, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত লোকপিয়লৰ প্ৰতিটো ৰচিদ দিয়াৰ বাবদ বিশ টকাৰ পৰা এশ টকা সংগ্ৰহ কৰা হৈছে ৷ ইপিনে এন আৰ চিত নাম অন্তৰ্ভূক্ত নোহোৱা লোকসকলৰ দুৰ্বলতাৰ সুযোগ লৈ চি এছ চিৰ একাংশ কৰ্মচাৰীয়ে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰি দিয়া হ'ব বুলি এহেজাৰৰ পৰা পাঁচ হেজাৰ-দহ হেজাৰ টকালৈকে সংগ্ৰহ কৰিছে ।

ধুবুৰী জিলাত এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ

এনে এক অভিযোগৰ ভিত্তিতে ধুবুৰী চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ একাংশ ভূক্তভোগী লোকে ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২০৮৯/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰি চি এছ চিৰ ধুবুৰী জিলা প্ৰৱন্ধক ছফিউল হকৰ লগতে জয়ন্ত ঘোষ আৰু জহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ পাচত তিনিওকে ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । ইপিনে এই ঘটনাৰ ক্ষেত্ৰ পৰ্য্যায়ত তদন্ত আৰম্ভ কৰিছে ধুবুৰী সদৰ আৰক্ষীয়ে । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ।

আৰু পঢ়ক : টিংখাঙত 9 বছৰীয়া শিশুক অপৰহণ

Intro: লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত তিনি অভিযুক্তক জেল হাজতলৈ প্ৰেৰণ। ভুক্তভোগী ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।

Body:দেশৰ সপ্তম অৰ্থনৈতিক লোকপিয়লৰ জৰীপৰ বাবে কেন্দ্ৰীয় চৰকাৰে দায়িত্ব দিছে চি এছ চি নামৰ ই-গভার্নমন্স নামৰ সংস্থাক। সেইমতে, আন ঠাইৰ লগতে ধুবুৰী জিলাতো চি এছ চিৰ কর্মচাৰী সকলে ঘৰে ঘৰে গৈ ২০১৯ ৰ অৰ্থনৈতিক লোকপিয়লৰ জৰীপ কৰিবলৈ আৰম্ভ কৰিছে। ইপিনে ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তত লোকপিয়লৰ ৰচিদ দিয়াৰ নামত প্ৰতিটো ৰচিদ প্ৰতি বিশ টকাৰ পৰা এশ টকালৈকে সংগ্ৰহ কৰিছে। ইপিনে এন আৰ চিত নাম অন্তৰ্ভূক্ত নোহোৱা লোক সকল সম্প্ৰতি বাৰুকৈয়ে চিন্তিত হৈ পৰাৰ সময়তে সেই সকল লোকৰ দুৰ্বলতাৰ সুযোগ লৈ চি এছ চিৰ কৰ্মচাৰী একাংশই এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ নামত এহেজাৰৰ পৰা পাঁচ হেজাৰ দহ হেজাৰ টকালৈকে সংগ্ৰহ কৰিছে বুলি অভিযোগ উঠিছে। এনে এক অভিযোগৰ ভিত্তিত ধুবুৰী চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ একাংশ ভুক্তভোগী লোকে ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২০৮৯/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰি চি এছ চিৰ ধুবুৰী জিলা প্ৰবন্দক শফিউল হকৰ লগতে জয়ন্ত ঘোষ আৰু জহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰি আজি ধুবুৰী আদালতত হাজিৰ কৰায়। পিছত আদালতে তিনিওঁকে জেল হাজতলৈ প্ৰেৰণ কৰে। ইপিনে এই ঘটনাৰ ক্ষেত্ৰ পৰ্য্যায়ত তদন্ত আৰম্ভ কৰিছে ধুবুৰী সদৰ আৰক্ষীয়ে। ইপিনে এই ঘটনা পোহৰলৈ অহাৰ পিছতেই সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। এই সকল লোকৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহ কৰিছে চক্ৰটোৱে।

Byte:- ভুক্তভোগী।।

Conclusion: এতিয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত তথ্য। যদিওঁ এই ঘটনাৰ পিছতেই সাধাৰণ লোক সকল বাৰুকৈয়ে চিন্তিত হৈ পৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Dec 1, 2019, 12:18 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.