ETV Bharat / state

সাম্প্ৰদায়িক শক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ মাজত প্ৰতিদ্বন্দিতা হ'ব এইবাৰ নিৰ্বাচনত - কংগ্ৰেছ

কংগ্ৰেছৰ নিৰ্বাচনী সভাত মোডী সমালোচনাত মুখৰ হৈ পৰিল কংগ্ৰেছ নেতা ৷ যেন কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা নহয় প্ৰধানমন্ত্ৰীৰ সমালোচনা সভাহে ৷

ধুবুৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা
author img

By

Published : Apr 20, 2019, 11:05 PM IST

ধুবুৰী, 20 এপ্ৰিল : সাম্প্ৰদায়িক শক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ ওপৰত বিশ্বাসী দুই দলৰ মাজত প্ৰতিদ্বন্দিতা হ'ব এইবাৰ নিৰ্বাচনত ৷ বিজেপিয়ে হিন্দু-মুছলমান, অসমীয়া-বঙালীৰ মাজত সমগ্ৰ দেশকে বিভাজন কৰিছে ৷ যদিহে এই বিভাজনৰ ৰাজনীতিক ধ্বংস কৰিব লাগে তেন্তে কংগ্ৰেছক ভোটদান কৰি দেশক ৰক্ষা কৰক ৷ শনিবাৰে ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপৰীৰ হৈ প্ৰচাৰ চলায় এনেদৰে মন্তব্য কৰে সাংসদ তথা শিলচৰৰ প্ৰাৰ্থী সুস্মিতা দেৱে ৷ লগতে বিজেপিয়ে অনা নাগৰিকত্ব সংশোধনী বিলক উত্তৰ-পূৰ্বাঞ্চলত বিভাজন অনাৰ বিল বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

ধুবুৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা

আনহাতে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাতে প্ৰধানমন্ত্ৰীৰ মোডীৰ সমালোচনাত মুখৰ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ মিছা কথা কৈ ভোট লৈছে প্ৰধানমন্ত্ৰী মোডীয়ে, ফাঁকিৰেহে চলিছে তেওঁ, এইবাৰ তেওঁ নিজকে চকীদাৰ বুলি কৈ অপমান কৰিছে দেশৰ ৰাইজক ৷

SLUG- A_DHB_805_811_20APRIL_CONG_MEETING_VIS+BYTE_SHAHANUR
( Files send through MOJO )

     Anchor:- অৱশেষত ধুবুৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। আজি হেলিকপ্টাৰ যোগে ৰিপুন বৰা আৰু সুস্মিতাই ধুবুৰী সমষ্টিত দুখনকৈ নিৰ্বাচনী সভাত অংশ লৈ চলায় নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাত তুলাধূনা দিলে বিজেপি আৰু নৰেন্দ্ৰ মোডীক।

      vo:- অৱশেষত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ধুবুৰীত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। যোৱা কেইটা দিনত কংগ্ৰেছৰ দুখনকৈ সভাত অনুপস্থিত থকা ৰিপুন বৰাই আজি সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে হেলিকপ্টাৰ লৈ উপস্থিত হয় ধুবুৰীত। ধুবুৰীৰ দক্ষিণ শালমাৰা সমষ্টিত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিছত ধুবুৰীৰ ঝাগৰাৰ পাৰত অনুষ্ঠিত সভাত অংশ লৈ দলীয় প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰিপুন বৰা আৰু সুস্মিতাৰ লগতে ওৱাজেদ আলী চৌধুৰীয়ে।
       নিৰ্বাচনী সভাত কংগ্ৰেছৰ নেতা ৱাজেদে বিজেপি দলক সাম্প্ৰদায়িক দল আখ্যা দি বিশ্বনাথ কাণ্ডৰ প্ৰসংগ উপস্থাপন কৰি নৰেন্দ্ৰ মোডী চৰকাৰ গঠনৰ পিছৰ পৰা দেশত গণতন্ত্ৰ ভূলুণ্ঠিত হৈ গৈছে বুলি সমালোচনা কৰে। ইপিনে সভাত মানুহ যথেষ্ট কম কিয় হল বুলি প্ৰশ্ন কৰাত শুনক কি কলে কংগ্ৰেছ নেতা ৱাজেদে।

       ইপিনে সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ সুস্মিতা দেবেও নিজৰ ভাষণত বিজেপি তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছৰ এই নিৰ্বাচনী জনসভাত ৰাইজৰ উপস্থিতি তেনেই কম যদিওঁ ইয়াৰ পিছতো এই সভাই কংগ্ৰেছৰ জয়ৰ ইংগিত বহন কৰা বুলি চাঞ্চল্যকৰ মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। আনহাতে বিজেপিক আক্ৰমণ কৰি বেজিপিয়ে অসম তথা দেশ খনত হিন্দু মুছলমানৰ ৰাজনীতি কৰি হিন্দু মুছলমানৰ মাজত বিভাজন আনি দিছে বুলি মন্তব্য কৰি এই হিন্দু মুছলমানৰ মাজৰ বিভাজন বন্ধ কৰিবলৈ হলে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় সুস্মিতাই। ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগকলৈ নৰেন্দ্ৰ মোডী চৰকাৰৰ এই বিল ভাউতাৰ বিধেয়ক বুলি কৈ তিনিচুকীয়াত পাঁচ গৰাকী হিন্দু বাঙালীক হত্যা কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী সোণোৱাল কিয় নীৰৱতা অৱলম্বন কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰি সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। আনহাতে সংবাদ মাধ্যমৰ আগত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে মন্তব্য কৰে সুস্মিতাই।

        আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিজৰ ভাষণত নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি চাহ বিক্রেতা আৰু চকীদাৰৰ প্ৰসংগ উপস্থাপন কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ কয়ঃ এজন প্ৰধান মন্ত্ৰীয়ে নিজকে চকীদাৰ বুলি কোৱা ঘটনাই ভাৰতবৰ্ষক অপমান কৰা হৈছে বুলি মন্তব্য কৰে। আনহাতে নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে বনোৱা বাজেটক মিছা বাজেট তথা ফাঁকিৰ বাজেট বুলি মন্তব্য কৰে ৰিপুন বৰাই। ইপিনে সংবাদ মাধ্যমৰ আগত এইবেলি কংগ্ৰেছে কমেও দহখন আসন কংগ্ৰেছে লাভ কৰিব বুলি কৈ আজমলক শত্ৰু আখ্যা দি আজমলৰ লগত কোনো মিত্ৰতা থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।

         ইপিনে আজিৰ কংগ্ৰেছৰ সভাত দেখা পোৱা গল এক দুখজনক ছবি। দৰাচলতে সুস্মিতা দেৱক এখন জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয় জিলা কংগ্ৰেছৰ ফালৰ পৰা। কিন্তু অসমীয়াৰ পৰিচয় তথা অসমীয়াৰ সন্মানৰ জাপি ক্ষন্তেক সময় পিছতেই দেখা গল মেজৰ তলত। অৰ্থাৎ একপ্ৰকাৰ ভৰিৰ তলত।

         ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত,অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.