বিলাসীপাৰা,১৮ এপ্ৰিল: ধুবুৰীৰ বিলাসীপাৰাত চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে । আৰক্ষীয়ে গিজগিজাই থকা ২ নং ৱাৰ্ডত দেওবাৰে পুৱতি নিশা চোৰে চলালে চাফাই অভিযান । ৱাৰ্ডটোৰ সূৰ্যখাতাস্থিত গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা আব্দুছ ছাত্তাৰৰ ঘৰত চোৰে চলালে লুটপাত ।
ৰঙালী বিহুৰ উচাহ উদ্দীপনাৰ মাজতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে অভিযন্তা জনৰ ঘৰৰ দুৱাৰৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰে । ইয়াৰ পাছতে চোৰৰ দলটোৱে লোৰ আলমিৰা ভাঙি সোণ-ৰূপৰ আ-অলংকাৰ আদি লৈ পলায়ন কৰে।
ঘৰৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, চোৰে প্ৰায় আঢ়ৈ লাখ টকাৰ সা-সম্পত্তি লুটি লৈ যায় । উল্লেখ্য যে, মহকুমা সদৰ চহৰ খনত আৰক্ষীৰ তহল দিয়াৰ ব্যৱস্থা থকাৰ পাছতো চোৰে কিদৰে চুৰি কাৰ্য সংঘটিত কৰিব পাৰে, তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে দুজন ব্যক্তিক আটক কৰিছে ।
লগতে পঢ়ক:জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি