বিলাসীপাৰা,৯ ছেপ্টেম্বৰ : বিলাসীপাৰাৰ এখন বিদ্যালয়ত আজৱ ঘটনা । বিদ্যালয়লৈ নিতৌ আহিছে শিক্ষাৰ্থীসকল । কিন্তু বিদ্যালয়খনত এগৰাকীও নাই শিক্ষক । বিগত ৯ দিন ধৰি বিদ্যালয়খনলৈ অহা নাই এগৰাকীও শিক্ষক । যাৰ বাবে শিক্ষা গ্ৰহণ নকৰাকৈয়ে ঘৰলৈ উভতি যাবলগীয়া হৈছে শিক্ষাৰ্থীসকল ।
বিলাসীপাৰাৰ ৫ নং ৱাৰ্ডৰ সূৰ্য্যখাতা নৱজ্যোতি হাইস্কুলৰ ঘটনা এয়া । ১৯৯১ চনতে স্থাপন হোৱা বিদ্যালয়খনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা এগৰাকীও শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত নাই । বিদ্যালয়খনত এগৰাকীও শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত নোহোৱাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।
উল্লেখ্য যে বিলাসীপাৰাৰ সূৰ্য্যখাতা নৱজ্যোতি হাইস্কুলখন চৰকাৰে বাঙ্গালীপাৰাৰ এখন হাইস্কুলৰ লগত একত্ৰীকৰণ কৰিছে । যাৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে বাঙ্গালীপাৰাৰ বিদ্যালয়খনলৈ গৈছে । কিন্তু সূৰ্য্যখাতা নৱজ্যোতি হাইস্কুলৰ শিক্ষাৰ্থীসকলে বিদ্যালয়খন এৰিব বিচৰা নাই ।
অভিযোগ অনুসৰি সূৰ্য্যখাতা নৱজ্যোতি হাইস্কুলৰ পৰা বাঙ্গালীপাৰাৰ বিদ্যালয়খন প্ৰায় ৭ কিলোমিটাৰ দূৰৈত অবস্থিত । নৱম আৰু দশম শ্ৰেণীত প্ৰায় ২০০ৰো অধিক শিক্ষাৰ্থী আছে সূৰ্য্যখাতা নৱজ্যোতি হাইস্কুলখনত । সেয়েহে বিদ্যালয়খন একত্ৰীকৰণৰ জৰিয়তে ধ্বংস নকৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাবকসকলে (Student protest against school amalgamation)।
ইফালে একত্ৰীকৰণ কৰা বিদ্যালয়খনলৈ যোৱাৰ ক্ষেত্ৰত যাতায়তকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল । যাৰ বাবে চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলে দাবী জনাইছে । শুকুৰবাৰে শিক্ষাৰ্থী আৰু অভিভাৱকসকল বিদ্যালয়ত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে । কোনো কাৰণতে সূৰ্য্যখাতা নৱজ্যোতি হাইস্কুলখন বন্ধ হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ।
ইফালে ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তক (School amalgamation decision of Assam govt) লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ একাংশ শিক্ষাৰ্থী আৰু অভিভাৱকে । যাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থী আৰু অভিভাৱকসকলে বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত ৰাখিছে । দল-সংগঠনসমূহেও চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে । চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও অভিযোগ উঠিছে ।