ETV Bharat / state

Diarrhoea control fortnight: ধুবুৰীত আৰম্ভ বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক - Diarrhoea control fortnight

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শুকুৰবাৰৰ পৰা ধুবুৰী জিলাতো আৰম্ভ হৈছে বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক কাৰ্য্যসূচীৰ (Special diarrhoea control fortnight in Dhubri) । এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ডায়েৰীয়াজনিত ৰোগ আৰু এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু ৰোধ কৰা ৷

Special diarrhoea control fortnight in Dhubri
ধুবুৰীত আৰম্ভ বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক
author img

By

Published : Jul 16, 2022, 11:11 AM IST

ধুবুৰী, 16 জুলাই: ৰাজ্যজুৰি আৰম্ভ হৈছে বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক(Special diarrhoea control fortnight will run from July 15 to July 29)। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শুকুৰবাৰৰ পৰা ধুবুৰী জিলাতো আৰম্ভ হৈছে বিশেষ ডায়েৰীয়া পষেক কাৰ্য্যসূচীৰ(Awareness about diarrhoea) । ধুবুৰী জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত বিশেষ ডায়েৰীয়া (Diarrhoea) নিয়ন্ত্ৰণ পষেক উপলক্ষে ধুবুৰী জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সভাগৃহৰ পৰা ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য), অতিৰিক্ত উপায়ুক্ত (প্ৰতিষেধক), স্বাস্থ্য সেৱাৰ যুটিয়া সঞ্চালক আৰু ধুবুৰী পৌৰসভাৰ উপ-সভানেত্ৰীৰ উপস্থিতিত পষেকযোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় (Special diarrhoea control fortnight in Dhubri)৷

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ডায়েৰীয়াজনিত ৰোগ আৰু এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু ৰোধ কৰা ৷ এই পষেকত প্ৰতি ঘৰত ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে ORS ৰ এটা পেকেট প্ৰদান কৰাৰ লগতে ORS বনোৱাৰ পদ্ধতি শিকোৱা হয় ৷ ইয়াৰ লগতে হাত কেনেকৈ পৰিস্কাৰকৈ ধুব লগে তাৰো ওপৰত পৰ্যালোচনা কৰা হয় ৷ ইয়াৰ লগতে এই আলোচনাত ডায়েৰীয়াৰ পৰা হাত সাৰিবলৈ কি কি পদ্ধতি অৱলম্বন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় ৷

জিলাখনত এই কাৰ্যসূচীৰ লগতে 15 জুলাইৰ পৰা আগন্তুক 75 দিনলৈকে 18 বছৰৰ ওপৰৰ সকলক ক'ভিড 19 ৰ বিনামূলীয়া তৃতীয় পালি প্ৰতেষেধকৰ প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে (Covid 19 Third dose vaccination program) ৷ এই টীকাকৰণ কাৰ্যসূচীত ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Diarrhoea control fortnight: দৰঙত আৰম্ভ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.