ETV Bharat / state

ধুবুৰী জিলাৰ বিলাসীপাৰাত হ'ব ৰাজ্যৰ প্ৰথমটো ছোলাৰ পাৱাৰ গ্ৰীড: অশোক কুমাৰ সিংহী - বিলাসীপাৰাত অচিৰেই নিৰ্মাণ হব এছ পি ছি এলৰ পেট্ৰলিয়াম হাৱ

ৰাজ্যৰ ভিতৰত প্ৰথমটো ছোলাৰ পাৱাৰ গ্ৰীড প্ৰজেক্ট নিৰ্মাণ কৰা হব বিলাসীপাৰা মহকুমাত ৷ এই কথা ঘোষনা কৰিছে পুৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷

Solar Power Grid for the first time in Assam
ধুবুৰী জিলাৰ বিলাসীপাৰাত হ'ব ৰাজ্যৰ প্ৰথমটো ছোলাৰ পাৱাৰ গ্ৰীড: অশোক কুমাৰ সিংহী
author img

By

Published : Jan 23, 2020, 8:55 PM IST

ধুবুৰী, 23 জানুৱাৰী: নতুন বছৰৰ প্ৰথমটো মাহত ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাবাসী লৈ এটা সু-খবৰ ৷ ৰাজ্যৰ ভিতৰত প্ৰথমটো ছোলাৰ পাৱাৰ গ্ৰীড প্ৰজেক্ট নিৰ্মাণ কৰা হ'ব বিলাসীপাৰা মহকুমাত ৷ এই কথা ঘোষনা কৰিছে পুৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷ বুধবাৰে পুৱ বিলাসীপাৰাৰ সমষ্টিৰ অন্তৰ্গত শাশাৰগাঁৱত এটা গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ এই মন্তব্য কৰিছে বিজেপিৰ বিধায়ক গৰাকীয়ে ৷

ধুবুৰী জিলাৰ বিলাসীপাৰাত হ'ব ৰাজ্যৰ প্ৰথমটো ছোলাৰ পাৱাৰ গ্ৰীড: অশোক কুমাৰ সিংহী

উল্লেখ্য যে বিলাসীপাৰা পথ সংমণ্ডলৰ অধীনস্থ শাশাৰগাঁৱৰ পৰা পাৰউৰা গাঁৱলৈ জৰাজীৰ্ণ গড়কাপ্তানি পথটো মেৰামতিৰ বাবে চৰকাৰে SOPD-FDR আঁচনিৰ অধীনত ১৯ লাখ ৭৭ হাজাৰ টকা মঞ্জুৰি দিয়ে ৷ সেই মতে বুধবাৰে পথছোৱাৰ মেৰামতিৰ কামৰ আধাৰশিলা স্থাপন কৰিবলৈ উপস্থিত হয় বিধায়ক গৰাকী ৷ বিভাগীয় বিষয়া অভিযন্তাৰ লগতে স্থানীয় বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পথছোৱা মেৰামতিৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰাৰ পিছতে বিধায়ক গৰাকীয়ে অংশ গ্ৰহন কৰে আধাৰশিলা স্থাপন সভাত ৷ দলীয় জ্যেষ্ঠ নেতা ভদ্ৰেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাতেই বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে পুৱ বিলাসীপাৰাৰ অধীনস্থ খুদিগাঁৱত থকা চৰকাৰী খাচ মাটিত অতি শীঘ্ৰে নিৰ্মাণ কৰা হব ছোলাৰ পাৱাৰ গ্ৰীড প্ৰজেক্ট ৷ যাৰ ফলত অতি শীঘ্ৰেই দুৰহৈ পৰিব বিদ্যুতৰ অভাৱ ৷ লগতে বিধায়কগৰাকীয়ে বিগত এবছৰ ধৰি ছোলাৰ পাৱাৰগ্ৰীড প্ৰকল্পটো নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে অহা ২৮ জানুৱাৰীত APDCLৰ অধ্যক্ষই বিলাসীপাৰাৰ খুদিগাঁৱত উপস্থিত হৈ প্ৰকল্পটোৰ ভূমি পৰ্য্যবেক্ষণ কৰিব আৰু তেঁওৰ পৰ্য্যবেক্ষণত ভূমি বিবেচিত হলে অচিৰেই নিৰ্মাণ হ'ব প্ৰকল্পটো | তদুপৰি বিলাসীপাৰাত আন এটা বৃহৎ প্ৰকল্প নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখিছে বিধায়ক গৰাকীয়ে | এই ক্ষেত্ৰত বিধায়ক সিংহীয়ে জানিবলৈ দিয়া মতে চৰকাৰী সেউজ ইংগিত পালে বিলাসীপাৰাত অচিৰেই নিৰ্মাণ হব এছ পি ছি এলৰ পেট্ৰলিয়াম হাব ৷ বিলাসীপাৰা মহকুমাক আদৰ্শ মহকুমা হিচাপে গঠন কৰাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰখা বিধায়ক গৰাকীৰ এনে প্ৰচেষ্টাক মহকুমাবাসীয়ে শলাগ লৈছে ৷
লগতে পঢ়ক: নগা শান্তি আলোচনাৰ অধীনত অৰুণাচল আৰু মণিপুৰত দুখনকৈ স্বায়ত্বশাসিত পৰিষদ

Intro:Slug:Bilasipara.1st time in Assam Soler Power Greede,
Date 23.01.2020
Anchor -- নতুন বছৰৰ প্ৰথমটো মাহত ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাবাসী লৈ পুৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ঘোষণা কৰিলে এটা ভাল সংবাদ | ৰাজ্যৰ ভিতৰত প্ৰথমটো ছোলাৰ পাৱাৰ গ্ৰীড প্ৰজেক্ট নিৰ্মাণ কৰা হব বিলাসীপাৰা মহকুমাত | এই দৰে ঘোষনা কৰিলে বিজেপিৰ বিধায়ক গৰাকীয়ে | বুধবাৰে পুৱ বিলাসীপাৰাৰ সমষ্টিৰ অন্তৰ্গত শাশাৰগাঁৱত এটা গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ এইদৰে মন্তব্য কৰিছে বিধায়ক সিংহীয়ে | Body:বিলাসীপাৰা টেৰিটৰিয়াল পথ সংমণ্ডলৰ অধীনস্থ শাশাৰগাঁৱৰ পৰা পাৰউৰা গাঁও লৈ জৰাজীৰ্ণ গড়কাপ্তানি পথটো মেৰামতিৰ বাবে চৰকাৰে এছ ও পি ডি - এফ ডি আৰ আঁচনিৰ অধীনত ১৯ লাখ ৭৭ হাজাৰ টকা মঞ্জুৰি দিয়ে | সেই মতে বুধবাৰে পথছোৱাৰ মেৰামতিৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে | বিভাগীয় বিষয়া অভিযন্তাৰ লগতে স্থানীয় বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিত পথছোৱা মেৰামতিৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰাৰ পিছতে বিধায়ক গৰাকীয়ে অংশ গ্ৰহন কৰে আধাৰশিলা স্থাপন সভাত | দলীয় জ্যেষ্ঠ নেতা ভদ্ৰেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয় যে, আধাৰশিলা স্থাপন কাৰ্যসূচী সমূহত মই এইবাবে উপস্থিত থাকো যে সেই অঞ্চলৰ সকলো ধৰনৰ অভাৱ অভিযোগ বোৰ মই পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব পাৰো আৰু এটা সমিধান কৰিবলৈ চেষ্টা কৰো | এই সভাতে বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে পুৱ বিলাসীপাৰাৰ অধীনস্থ খুদিগাঁৱত থকা চৰকাৰী খাচ মাটিত অতি শীঘ্ৰে নিৰ্মাণ কৰা হব ছোলাৰ পাৱাৰ গ্ৰীড প্ৰজেক্ট | যাৰ ফলত অতি শীঘ্ৰেই দুৰহৈ পৰিব বিদ্যুতৰ অভাৱ | বিধায়ক গৰাকীয়ে বিগত এবছৰ ধৰি ছোলাৰ পাৱাৰগ্ৰীড প্ৰকল্পটো নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব দিয়ে | উল্লেখ্য যে অহা ২৮ জানুৱাৰীত এ পি ডি ছি এলৰ অধ্যক্ষই বিলাসীপাৰাৰ খুদিগাঁৱত উপস্থিত হৈ প্ৰকল্পটোৰ ভুমি পৰ্য্যবেক্ষণ কৰিব আৰু তেঁৱৰ পৰ্য্যবেক্ষণত ভুমি বিবেচিত হলে অচিৰেই নিৰ্মাণ হব প্ৰকল্পটো | তদুপৰি বিলাসীপাৰাত আন এটা বৃহৎ প্ৰকল্প নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখিছে বিধায়ক গৰাকীয়ে | এই ক্ষেত্ৰত বিধায়ক সিংহীয়ে জানিবলৈ দিয়া মতে চৰকাৰী সেউজ ইংগিত পালে বিলাসীপাৰাত অচিৰেই নিৰ্মাণ হব এছ পি ছি এলৰ পেট্ৰলিয়াম হাৱ | বিলাসীপাৰা মহকুমাক আদৰ্শ মহকুমা হিচাপে গঠন কৰাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰখা বিধায়ক গৰাকীৰ এনে প্ৰচেষ্টাক মহকুমাবাসীয়ে শলাগ লৈছে |
Conclusion:Byte1+2 বিধায়ক, অশোক কুমাৰ সিংহী,পূৱ বিলাসীপাৰা

পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.