ETV Bharat / state

বিলাসীপাৰাত ক’ভিডৰ নিৰ্দেশনা ভংগ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান - covid protocol

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিলাসীপাৰাতো ক’ভিডৰ নিৰ্দেশনা মানি চলিবলৈ প্ৰশাসনে সকলোকে আহ্বান জনাইছে ৷ কিন্তু তাৰ পাছতো একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানে দোকান-পোহাৰ খোলা ৰখা পৰিলক্ষিত হৈছে ৷ দিনৰ দুই বজাৰ পিছতো দোকান-পোহাৰ খোলা ৰখা ব্যৱসায়ীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰক্ষী-প্ৰশাসন ৷

shopkeepers-opens-shops-after-2-pm-in-bilashipara
বিলাসীপাৰাত ক’ভিডৰ নিৰ্দেশনা ভংগ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান
author img

By

Published : May 5, 2021, 9:45 PM IST

পশ্চিম বিলাসীপাৰা,5 মে’: সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণা মহামাৰীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে বহু লোকৰ ৷ ৰাজ্যত সৃষ্টি হোৱা এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুনৰ জাৰি কৰিছে নতুন ক’ভিড নিৰ্দেশনা ৷ ৰাজ্য চৰকাৰে নতুনকৈ জাৰি কৰা ক’ভিডৰ নিৰ্দেশনা অনুসৰি বুধবাৰে ২ বজাৰ পৰা ৰাজ্যৰ সকলো দোকান-বজাৰ বন্ধ হৈ পৰে ৷ একাংশ ঠাইত এই নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হয় ৷

বিলাসীপাৰাত ক’ভিডৰ নিৰ্দেশনা ভংগ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিলাসীপাৰাতো ক’ভিডৰ নিৰ্দেশনা মানি চলিবলৈ প্ৰশাসনে সকলোকে আহ্বান জনাইছে ৷ প্ৰশাসনৰ নিৰ্দেশক ভেঙুচালি কৰি একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে দোকান-পোহাৰ খোলা ৰখা পৰিলক্ষিত হৈছে ৷ দিনৰ দুই বজাৰ পিছতো দোকান-পোহাৰ খোলা ৰখা তেনে ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰক্ষী-প্ৰশাসন ৷ বুধবাৰে বিলাসীপাৰাত মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত তেনে নিয়ম উলংঘা কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলোৱা হয় ৷ ইয়াৰ লগতে মহকুমা প্ৰশাসনে সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: বুধবাৰে ২ বজাৰ পৰা বন্ধ হ'ল ৰাজ্যৰ সকলো দোকান বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.