ETV Bharat / state

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক চাজাহান আহমেদৰ মৃত্যু - জ্যেষ্ঠ সাংবাদিক চাজাহান আহমেদৰ মৃত্যু বাতৰি

সোমবাৰে আবেলি তিনি বজাত শেষ নিশ্বাস ত্যাগ কৰে ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক চাজাহান আহমেদে ৷ প্ৰাগ নিউজ আৰু অসমীয়া প্ৰতিদিন কাকতৰ ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল চাজাহান আহমেদ ৷

senior journalist death at Dhubri
ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক চাজাহান আহমেদৰ মৃত্যু
author img

By

Published : Dec 16, 2019, 9:40 PM IST

ধুবুৰী,16 ডিচেম্বৰঃ ধুবুৰীত সংবাদ জগতত শোকৰ ছাঁ ৷ ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক চাজাহান আহমেদৰ মৃত্যু ৷ সোমবাৰে বিয়লি তিনি বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত আহমেদ এক সপ্তাহ পূৰ্বে হঠাৎ হৃদক্ৰিয়া বন্ধ হোৱাৰ বাবে ভৰ্তি কৰোৱা হৈছিল জি আন এৰ চিত ৷

senior journalist death at Dhubri
সাংবাদিক চাজাহান আহমেদ

উল্লেখ্য যে, প্ৰাগ নিউজ আৰু অসমীয়া প্ৰতিদিন কাকতৰ ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল চাজাহান আহমেদ ৷ 1995 চনত অসমীয়া প্ৰতিদিন কাকতৰ জৰিয়তে সংবাদ মাধ্যমত ভৰি দিছিল আহমেদে ৷ সাংবাদিকাতাৰ লগতে জ্যেষ্ঠ অধিবক্তা হিচাপেও কৰ্মৰত আছিল চাজাহান আহমেদ ৷ 46 বৰ্ষীয় সাংবাদিকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায় ৷

সাংবাদিক গৰাকীৰ মৃত্যুত ধুবুৰী প্ৰেছ ক্লাৱ,গৌৰীপুৰ প্ৰেছ ক্লাৱ,জৰুৱা বন্দিহানা প্ৰেছ ক্লাৱ,বাৰ্তাজীৱি সংঘ,সাংবাদিক সুৰক্ষা মঞ্চ, সাংবাদিক পৰিষদৰ লগতে ধুবুৰী উকীল সন্থাই গভীৰ শোক প্ৰকাশ কৰি সাংবাদিকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷

লগতে পঢ়ক- ধিঙত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰহ

Intro:Body:

DHBUTI REPORTER DEATH

   oc/vo:- ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক চাহজাহান আহমেদৰ মৃত্যুত গভীৰ শোক।।

 ধুবুৰীৰ সংবাদ জগতত শোকৰ ছাঁ। জ্যেষ্ঠ সাংবাদিক চাহজাহান আহমেদ আৰু নাই। আজি আবেলি তিনি বজাত গুৱাহাটী জি এন আৰ চিত শেষ নিঃশাস ত্যাগ কৰে তেওঁ। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ থকাৰ পিছত এক সপ্তাহ পূৰ্বে হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ ভৰ্তি হৈছিল জি এন আৰ চিত। প্ৰাগ নিউজ আৰু অসমীয়া প্ৰতিদিন কাকতৰ ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল আহমেদ। জ্যেষ্ঠ সাংবাদিক গৰাকী ১৯৯৫ চনত অসমীয়া প্ৰতিদিন কাকতৰ জৰিয়তে সংবাদ জগতত ভৰি দি অসমীয়া প্ৰতিদিন, আজি, দৈনিক বাতৰি আৰু প্ৰাগ নিউজত নিষ্ঠাবান সাংবাদিক হিচাপে কাম কৰি আহিছিল তেওঁ। ইয়াৰ উপৰিও জ্যেষ্ঠ অধিবক্তা হিচাপেও কৰ্মৰত হৈ আছিল তেওঁ। ৪৬ বছৰত ভৰি দিয়া প্ৰয়াত সাংবাদিক গৰাকী মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ লগতে এগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়। ধুবুৰী প্ৰেছ ক্লাৱ, গৌৰীপুৰ প্ৰেছ ক্লাব, জৰুৱা বন্দিহানা প্ৰেছ ক্লাব, বাৰ্তাজীৱী সংঘ, সাংবাদিক সুৰক্ষা মঞ্চ, সাংবাদিক পৰিষদ আৰু ধুবুৰী উকীল সন্থাই গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.