ETV Bharat / state

বগৰীবাৰীত জব্দ গৰু ভৰ্তি কন্টেইনাৰ - গৰু সৰবৰাবহ

বগৰীবাৰীত জব্দ গৰু ভৰ্তি এখন কন্টেইনাৰ (ট্ৰাক) ৷ পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত অভিনৱ পন্থাৰে অনা উন্নত জাতৰ ১০ টাকৈ গৰুৰ লগতে আটক ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন মহম্মদ কামাল, মহম্মদ হাছমিন ।

বগৰীবাৰীত জব্দ গৰু ভৰ্তি এখন কন্টেইনাৰ
বগৰীবাৰীত জব্দ গৰু ভৰ্তি এখন কন্টেইনাৰ
author img

By

Published : May 1, 2021, 9:15 AM IST

পশ্চিম বিলাসীপাৰা, 1 মে’: শুকুৰবাৰে বিয়লি ভাগত বগৰীবাৰীত আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি এখন কন্টেইনাৰ (ট্ৰাক) ৷ পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত অভিনৱ পন্থাৰে অনা উন্নত জাতৰ ১০ টাকৈ গৰুৰ লগতে ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন মহম্মদ কামাল, মহম্মদ হাছমিন আটক কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জব্দ কৰা গাড়ী খনৰ নম্বৰ হৈছে UP21CN-5350 ৷

বগৰীবাৰীত জব্দ গৰু ভৰ্তি এখন কন্টেইনাৰ

উল্লেখ্য যে, পশ্চিম বংগ ৰাজ্যৰ পৰা ধুবুৰী জিলাৰ ছাগলীয়া পৰিক্ষণ চকীৰে সঘনে গৰু ভৰ্তি ট্ৰাকখন অনায়াসে বগৰীবাৰীৰ ফালে সৰবৰাবহ হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । জব্দকৃত গৰু কেইটা বাংলাদেশ লৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

অভিযোগ অনুসৰি দীৰ্ঘদিনৰে পৰা ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী সম্প্ৰতি চোৰাং গৰু ব্যৱসায়ীৰ কৰিডৰলৈ পৰ্যবসিত হৈছে । কিছু অসাধু ব্যৱসায়ীয়ে বহিঃ ৰাজ্যৰ পৰা বিভিন্ন পন্থাৰে অসমলৈ গৰুৰ সৰবৰাহ কৰি আহিছে । আনকি বিভিন্ন গোপন পথৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি অহাৰ সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিলে যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.