ধুবুৰী, ৩০ মাৰ্চ :ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ ফুলকাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত মন্ত্ৰীৰ চৰত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । তথ্য অনুসৰিৰৌশনাৰা বেগম নামৰমৃত্যু হোৱা মহিলা গৰাকীয়েধুবুৰীৰ মন্ত্ৰীৰ চৰৰ জাকিৰ হুছেইনৰ লগত প্ৰায় ১৫/১৬ বছৰ পূৰ্বে ধৰ্মীয় নিয়ম অনুসাৰে বিবাহ পাশত আবদ্ধ হৈছিল । কিন্তু বিবাহ হোৱা এবছৰ পিছৰে পৰা ৰৌশনাৰাৰ ওপৰত আৰম্ভ হৈছিল নিৰ্যাতন। নিতৌমানসিক অত্যাচাৰ আৰুনিৰ্যাতনৰ বলি হৈছিল ৰৌশনাৰা । চৈধ্য বছৰে এনে অত্যাচাৰ সহ্য কৰি অহা ৰৌশনাৰাৰ জীৱনলৈ নামি আহে অন্ধকাৰ । পৰিয়ালৰ অভিযোগপৰিকল্পিতভাৱেতেওঁৰ স্বামীজাকিৰ হুছেইনে পত্নী ৰৌশনাৰাকহত্যা কৰি পিছত ফাঁচিৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে ।
পিছে ৰৌশনাৰাৰ এই ৰহস্যজনক মৃত্যু হত্যা নে আত্মহত্যা, এই কথামৰণোত্তৰ পৰীক্ষা আৰুআৰক্ষীৰ নিৰপেক্ষ তদন্ত আৰু ন্যায়িক তদন্তৰ পিছতহে পোহৰলৈ আহিব । ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত মৃত ৰৌশনাৰা বেগমৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিতআৰক্ষীয়ে সোধা পোচাৰ বাবে স্বামীক আটক কৰিছে ।