পূৱ বিলাসীপাৰা,৩১ অক্টোবৰঃ ছাত্ৰী আৱাসত নিশা অকলে থাকে ছাত্ৰী ৷ নাই কোনো নিৰাপত্তা ৷ সুৰক্ষাৰ কথা কলে শিক্ষয়ত্ৰীয়ে মানসিক হেঁচা প্ৰদান কৰাৰ অভিযোগ৷ স্পৰ্শকাতৰ নিৰ্জন বনাঞ্চলত অৱস্থিত বিদ্যালয়ৰ ৮০ জনকৈ শিক্ষাৰ্থীক বিপদত থৈ নিজ নিজ গৃহত নাকত তেল দি শুই থাকে আৱাসিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰৰ আৰেয়াঝাৰ স্থিত কস্তূৰবা গান্ধী বালিকা বিদ্যালয়ত ৷
ইপিনে, শৈক্ষিক দিশতো চৰম ভেকোভাওনা চলিছে বিদ্যালখনত। তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিত অৱশেষত বিদ্যালয়ত উপস্থিত হয় অভিভাৱকসকল । অভিভাৱকৰ দাবী চৰকাৰে এইসকল ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰক । যদি দায়িত্ব ল'ব নোৱাৰে তেন্তে নিজৰ সন্তানক অভিভাৱক সকলক ওভতাই দিবলৈ আহ্বান এই সকল অভিভাৱকৰ ।
হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাত্ৰ তিনি মাহ বাকী । অভিযোগ অনুসৰি বিদ্যালয় খনত কৰ্মৰত আঠ গৰাকী শিক্ষয়িত্ৰীৰ ৬ গৰাকীয়ে অনুপস্থিত থাকে বিদ্যালয়ত । যাৰফলত পৰীক্ষাৰ এই প্ৰাকমূহুৰ্ততো সম্পূৰ্ণ হোৱা নাই পাঠ্যক্ৰম । মেট্ৰিক পৰীক্ষাৰ বাবে চৰম দু:চিন্তাত ভূগিছে এই সকল শিক্ষাৰ্থীয়ে ।